শীতত চাৱনপ্ৰাছৰ লগত খাওক গাখীৰ || Take milk with Chyawanprash in winter

0
574

শীতত চৰ্দি, কাহৰ পৰা নিৰাময় পাবলৈ বহুতেই বজাৰত উপলব্ধ চাৱনপ্ৰাছ খোৱা দেখা যায়৷ আমলখি, তুলসী, পিপলি, জালুক আৰু একাধিক বনৌষধিৰে তৈয়াৰী এই চাৱনপ্ৰাছ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষভাৱে কাৰ্যকৰী৷ পিছে এই চাৱনপ্ৰাছ শুদাই খোৱাৰ পৰিৱৰ্তে যদি গাখীৰৰ লগত খায়, তেন্তে ইয়াৰ ফল দুগুণ লাভ কৰিব পাৰিব৷

Ayurcins Chyawanprash 1000 Gm Buy online from Ayurcin


  • বহুতৰে শুদাই চাৱনপ্ৰাছ খালে পেট জ্বলা-পোৰা কৰে৷ কিন্তু আপুনি যদি গাখীৰৰ লগত ইয়াক খায়, তেন্তে দুগুণ সুফল লাভ কৰাৰ লগতে পেট জ্বলা-পোৰা কৰা সমস্যাৰ পৰা ৰেহাই পাব পাৰিব৷
  • গাখীৰৰ লগত চাৱনপ্ৰাছ খালে ই নতুন কোষ উৎপন্ন কৰাত অৰিহণা যোগায়৷ লগতে শীতত হ’ব পৰা শ্বাসজনিত ৰোগ নিৰাময়তো এই বিধিয়ে সহায় কৰে৷
  • দিনে দুবাৰকৈ চাৱনপ্ৰাছ গাখীৰৰ লগত সেৱন কৰিলে আপোনাৰ ইমিউনিটি বৃদ্ধি হোৱাৰ লগতে প্ৰজনন ক্ষমতা উন্নত হৈ ফাৰ্টিলিটিৰ সমস্যা হ্ৰাস পোৱাত সহায়ক হয়৷
    অকল গাখীৰেই নহয়, চাৱনপ্ৰাছক আপুনি গৰম পানী, মৌ নাইবা ব্ৰেডত লগায়ো খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here