কভেক্সিনৰ জৰুৰী ব্যৱহাৰ ! WHO-ৰ অহা সপ্তাহত মূল্যায়ন চূড়ান্ত (WHO’s final review on emergency use of Covaxin next week)

0
299

কভিড-১৯ ৰ বিৰুদ্ধে টিকাকৰণত দেশজুৰি ব্যৱহাৰ হোৱা ভাৰতৰ কভেক্সিন নামৰ ভেক্‌চিনক জৰুৰী ব্যৱহাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিবলৈ ২৬ অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ৰ কাৰিকৰী উপদেষ্টা গোটৰ বৈঠক অনুষ্ঠিত হ’ব৷ স্বাস্থ্য সংগঠনটোৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথনে এই কথা জনাইছে৷

Our institutions are very patriarchal: WHO Chief Scientist Soumya Swaminathan - The Hindu

কভেক্সিন নামৰ ভেক্‌চিনবিধ প্ৰস্তুত কৰা হায়দৰাবাদৰ ভাৰত বায়’টেকে বিশ্ব স্বাস্থ্য সংস্থাক ১৯ এপ্ৰিলতে ভেক্‌চিনটোৰ বাবে EOI (Expression of Interest) দাখিল কৰিছিল৷ এই মাহৰ আগভাগত স্বাস্থ্য সংগঠনটোৱে জনাইছিল, ভাৰত বায়’টেকে নিয়মীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাক তথ্য দাখিল কৰি আহিছে আৰু সংগঠনটোৰ অনুৰোধত ২৭ ছেপ্টেম্বৰত অতিৰিক্ত তথ্য দাখিল কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞই বৰ্তমান এই তথ্যবোৰৰ পৰ্যালোচনা কৰি আছে আৰু যদি উত্থাপিত সকলো প্ৰশ্নৰ উত্তৰ এইবোৰত পোৱা হয়, তেন্তে অহা সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাৰ মূল্যায়ন চূড়ান্ত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here