বিলুপ্তিপ্ৰায় সোণালী ডঁৰিকণা উদ্ধাৰ : ক’ত ? Near-extinct Golden Dorikona (fish) rescued: where?

0
831
     লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম পাহাৰৰ মাজেৰে বৈ যোৱা কণা নদীত উদ্ধাৰ হৈছে সোণালী ৰঙৰ অতি বিতোপন এবিধ ডঁৰিকণা মাছ৷ পাহাৰীয়া প্ৰজাতিৰ এই ডঁৰিকণা মাছবিধ অলপতে উদ্ধাৰ কৰে দুলুং সোৱণশিৰি কনজাৰভেশ্যন ছ’চাইটিৰ এটা দলে৷ দুলুং পাহাৰৰ গভীৰ অৰণ্যৰ মাজেৰে বৈ অহা ঘাগৰ কণানদীত উদ্ধাৰ হয় সোণালী ৰঙৰ এই ডঁৰিকণা মাছবিধ৷ স্থানীয় লোকে এই মাছবিধক ‘বিমলা’ মাছ হিচাপেহে নামাংকিত কৰি আহিছে৷ উল্লেখ্য যে বিলুপ্তিপ্ৰায় হোৱা সৰু এলেংমাছৰ দৰে দেখাত মাছবিধৰ পেটত এডাল সোণালী আঁচ আছে৷ 
Giant Danio - JungleKey.in Wiki

সাধাৰণতে পাহাৰৰ জান, জুৰি, শিলৰ নিজৰা আদিত বাস কৰি অহা এই মাছবিধ আলংকাৰিক মাছ হিচাপে আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ দুলুং সোৱণশিৰি কনজাৰভেশ্যন ছ’চাইটিৰ কাৰ্যকৰী সভাপতি পূৰ্ণকান্ত মিলিয়ে জনোৱা মতে সাধাৰণতে এই মাছবিধে সোঁত থকা পাহাৰৰ নিজৰা, শিলৰ ফাকত আৰু ঠাণ্ডা তথা শীতল পানীত বাস কৰে৷ উল্লেখনীয় যে এই মাছবিধৰ বৈজ্ঞানিক নাম Danto aequipinnatus বু্‌লি জানিবলৈ দিছে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মৎস্য বিজ্ঞানী এছ ভূঞাই৷ অৱশ্যে অসমীয়াত বহুতে ইয়াক শাল ডঁৰিকণা বুলিও কয়৷ অদূৰ ভৱিষ্যতে এই মাছবিধে আলংকাৰিক মাছ হিচাপে স্থান পোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here