কণীৰ কুহুমৰ উপকাৰিতা সন্দৰ্ভত কি কয় পুষ্টিবিদে

0
217


উচ্চ প্ৰ’টিনযুক্ত কণী আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী৷ বহুতেই কুহুমৰ কাৰণে কণী খায় আকৌ কিছুমানে কুহুম বাদ দি কণীৰ বগা অংশহে খায়৷ তেওঁলোকে ভাবে অথবা ভয় কৰে যে কণীৰ কুহুম খালে কলেষ্টৰেল বাঢ়ি যায়, হৃদযন্ত্ৰৰ ক্ষতি হ’ব পাৰে৷ এনেদৰে কণী খোৱাৰ ফলত তেওঁলোকে কণীৰ পুষ্টিগুণ পায়নে? আচলতে তেওঁলোকে বিশ্বাস কৰা কথাটো কিমানদূৰ সঁচা৷ কণীৰ কুহুম অংশ আমাৰ শৰীৰৰ বাবে অপকাৰী নেকি? আদি বিভিন্ন প্ৰশ্নই ক্ৰিয়া কৰে৷ এই সংক্ৰান্তত পুষ্টিবিদ নমামি আগৰৱালাই ব্যাখ্যা আগবঢ়াইছে৷ কিয় কণীৰ কুহুম অংশ আমাৰ ডায়েটত ৰখা উচিত তেওঁ এই বিষয়ে জানিবলৈ দিছে৷ পুষ্টিবিদজনৰ মতে কণী আৰু এভোকাডোৰ যুগলবন্দী সেয়া৷ তেওঁৰ মতে এই কম্বিনেশ্যনটো অতি সুস্বাদু আৰু স্বাস্থ্যকৰ৷ নমামি জনোৱা মতে কণীৰ কুহুমত ভিটামিন-এ, ভিটামিন-ডি, ভিটামিন-ইৰ লগতে ফোলেট, বি১২, তথা ওমেগা থ্ৰী পোৱা যায়৷ যাৰ ফলত শৰীৰৰ বিভিন্ন ধৰণৰ উপকাৰ হোৱাৰ লগতে পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে৷ দৃষ্টিশক্তি উন্নত কৰিবলৈ কণীৰ কুহুমৰ বৈশিষ্ট্য আছে৷ আইৰনসমৃদ্ধ কণীৰ কুহুম বিলাহী বা নহৰু দি খালে সুফল পাব পাৰি৷ কিয়নো বিলাহী ভিটামিন-চি আৰু এণ্টি ইনফ্লমেটৰীৰে সমৃদ্ধ বাবে দুয়োটা উপাদানে শাৰীৰিক উন্নতিত সহায় কৰে৷ সেয়ে কণীৰ কুহুম এৰাই চলি খালে ইয়াৰ পূৰ্ণতা গুণাগুণ পোৱা নাযায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here