যৌন অৱৰাধ বৃদ্ধি কৰিছে পৰ্ণগ্ৰাফীয়ে

0
130


ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰেও যাতে অশ্লীল আৰু পৰ্ণগ্ৰাফিক বিষয়বস্তু প্ৰদৰ্শন নকৰে, সেইটো নিশ্চিত কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিব লাগে বুলি উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হৈছে৷ কাৰণ এনেবোৰ বিষয়বস্তুৱে যৌন অপৰাধ বৃদ্ধি কৰে৷ ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনখন দাখিল কৰিছে শিশু ৰোগৰ শল্য চিকিৎসক সঞ্জয় কুলশ্ৰেষ্ঠই৷ আৱেদনখন কোৱা হৈছে যে মোবাইল ইণ্টাৰনেটৰ জৰিয়তে সহজে পাব পৰা অশ্লীল বিষয়বস্তুৱে যৌন আচৰণ বিকৃত কৰাই নহয়, নাবালিকাসকলৰ বিৰুদ্ধে যৌন অপৰাধো বিপদজনক হৈ পৰিছে৷ আৱেদনখনত কোৱা হৈছে যে বৰ্ধিত যৌন অপৰাধ নিয়ন্ত্ৰণ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ে পদকীয়াসকলক তথ্য প্ৰযুক্তি আইনৰ অধীনত ক্ষমতা প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিয়া উচিত যাতে ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মবোৰে অশ্লীল আৰু পৰ্ণগ্ৰাফিক বিষয়বস্তু বন্ধ কৰিবলৈ বাধ্য হয়৷ আৱেদনখনত কোৱা হৈছে যে মহিলাসকলৰ বিৰুদ্ধে যৌন হিংসাৰ প্ৰতি পুৰুষসকলৰ মাজত এটা সাধাৰণ দৃষ্টিভংগী গঢ় লৈ উঠাৰ বাবে পৰ্ণগ্ৰাফী চোৱাটোৱেই দায়ী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here