অসমীয়া বিজ্ঞানীলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি ভাৰতৰ প্ৰথমটো এণ্টিবায়’টিক আৱিষ্কাৰ

0
555


অসমবাসীৰ বাবে সুখবৰ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া বিজ্ঞানীয়ে অৰ্জন কৰিবলৈ সক্ষম হ’ল বিৰল কৃতিত্ব৷ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত অভিলেখ সৃষ্টি কৰিলে অসম সন্তান ড॰ মুকুট গোহাঁয়ে৷ সমগ্ৰ বিশ্বত ঔষধৰ ক্ষেত্ৰখনত কৰা গৱেষণাৰ জৰিয়তে সমগ্ৰ দেশব লগতে অসমলৈ সুনাম আনিলে ড॰ গোহাঁয়ে৷ ড॰ গোহাঁইৰ গৱেষণাৰ ভিত্তিত লাভ কৰা ঔষধে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে অনুমোদন জনোৱা প্ৰথমটো ভাৰতীয় এণ্টিবায়’টিকে লাভ কৰিলে এই স্বীকৃতি৷ ড॰ মুকুট গোহাঁইৰ আৱিষ্কৃত এনমেটাজ’বেক্টাম নামৰ এই এণ্টিবায়’টিকটোৱে ভাৰতৰ প্ৰথম এণ্টিবায়’টিক হিচাপে খ্যাতি লাভ কৰে৷ অসমৰ তিনিচুকীয়াৰ সন্তান ড গোহাঁইৰ এই সফলতাই গোটেই অসমবাসীকে গৌৰৱান্বিত কৰিছে৷ আৰম্ভণিৰ পৰা ১৬ বছৰীয়া গৱেষণাৰ অন্তত এই কষ্টৰ ফল লাভ কৰি গোহাঁয়ে আজি যথেষ্ট সুখ অনুভৱ কৰে৷ উল্লেখ্য যে ভাৰতত বিকশিত এই প্ৰথমটো এনমেটাজ’বেক্টাম নামৰ এণ্টিবায়’টিকে ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন, নিউম’নিয়া আদি ৰোগত ভোগা সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ নিৰাময়ৰ বাবে প্ৰয়োগ কৰা হ’ব৷ কেইমাহমাহ মাহৰ ভিতৰতে আমেৰিকাৰ বজাৰত উপলব্ধ এই এণ্টিবায়’টিকটো চেন্নাইৰ আগশাৰীৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান অৰ্কিড ফাৰ্মাই প্ৰস্তুত কৰি উলিয়াইছে৷ প্ৰথম পৰীক্ষণ হিচাপে এনমেটাজ’বেক্টাম নামৰ এই এণ্টিবায়’টিকটো চেফেপাইম ঔষধৰ সৈতে প্ৰাপ্তবয়স্কৰ শৰীৰত প্ৰয়োগ কৰিবলৈ অনুমোদন দিয়ে৷ উল্লেখ্য যে এনমেটাজ’বেক্টাম নামৰ এণ্টিবায়’টিকৰ আৱিষ্কাৰক ড গোহাঁই বৰ্তমান দক্ষিণ আফ্ৰিকাৰ প্ৰিটোৰিয়াত নেশ্যনেল চেণ্টাৰ ৰিছাৰ্চ লেবৰেটৰীৰ আৰ এন ডি মেনেজাৰ মুৰববী হিচাপে কৰ্মৰত হৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here