এ এম চি এইচৰ ছুপাৰ স্পেছিয়েলিটি ব্লকৰ সা-সুবিধাৰ পৰ্যালোচনা

0
165

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অসম চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি ব্লকৰ চিকিৎসা কক্ষ আৰু পৰীক্ষাগৃহ পৰিদৰ্শন কৰে৷ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসাধীন ৰোগীৰ স্বাস্থ্য আৰু  সমস্যাৰ  বুজ লয়৷ ইয়াৰ পাছত চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ উপস্থিতিত তেওঁ এখন পৰ্যালোচনা বৈঠকত মিলিত হয়৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমাগত মহাৰজত জয়ন্তী উদ্‌যাপনৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লোৱাৰ উপৰি চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ 
ইয়াৰ লগতে ছুপাৰ স্পেচিয়েলিটি ব্লকত উপলব্ধ সা-সুবিধা আৰু পৰিচালনা ব্যৱস্থাৱলীৰ বিষয়ে বিতংভাৱে আলোচনা কৰে৷ এই পৰিদৰ্শন আৰু পৰ্যালোচনা বৈঠকত ডিব্ৰুগড়ৰ  বিধায়ক প্ৰশান্ত ফুকন, জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, স্বাস্থ্য বিভাগৰ উপ-সচিব তথা অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমী বৰুৱা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতী আৰু  এ এম চি এইচৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপকসকল উপস্থিত থাকে৷ এ এম চি পৰিদৰ্শন কৰাৰ পাছতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ডায়েগ্নষ্টিক এণ্ড হস্পিটেলত চিকিৎসাধীন হৈ থকা চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ স্বাস্থ্যৰ বুজ লয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here