গৰ্ভাৱস্থাত এই ভুল কৰিলে হ’ব পাৰে বিপদ

0
222

সাধাৰণতে প্ৰত্যেকগৰাকী মাতৃয়ে গৰ্ভাৱস্থাত অধিক সজাগ আৰু সচেতন হোৱা দেখা যায়৷ সঠিকভাৱে খাদ্য গ্ৰহণ কৰা, বিশ্ৰাম লোৱা আদি কাৰ্যবোৰ খুব নিয়মমাফিক কৰা পৰিলক্ষিত হয়৷ এইধৰণৰ সাৱধানতাৰ মাজতো কিন্তু কিছুমান ভুলে পাছলৈ বিপদ মাতিব পাৰে৷ সেয়েহেএই সময়খিনিত অলপ সাৱধান হৈ সঠিক নিয়মমতে চলিলে বিপদৰ পৰা হাত সাৰিব পাৰি৷ অষ্ট্ৰেলিয়াৰ এটা গৱেষকৰ দলে শেহতীয়াভাৱে এটা গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে বিশেষভাৱে সক্ষম শিশুৰ জন্মৰ আঁৰৰ মূল কাৰণটো হ’ল গাঁথনিগত কাৰণত শিশুৰ জন্ম হাত-ভৰি অবিহনেই হয়৷ ইয়াৰ লগতে শিশুৰ কাৰ্যক্ষমতাৰ বিসংগতিৰ বাবে শিশু বুদ্ধিহীন হোৱা, শ্ৰৱণ ক্ষমতা হেৰুওৱাৰ লগতে দৃষ্টিহীন হ’ব পাৰে৷ মূলতে জন্মগত বিসংগতি বিভিন্ন ধৰণে হ’ব পাৰে৷ এটা গাঁথনিগত কাৰণত হয়৷ এই সমস্যা থকা শিশুৰ হাত-ভৰি নাথকিব৷ আন এটা ফাংচনেল এৰ’ৰ বাবে হয়৷ এই ক্ষেত্ৰত শিশুৰ বুদ্ধিমত্তা সঠিক নহ’ব, তেনে শিশু কাণেৰে নুশুনিব বা চকুৰে নেদেখিব পাৰে৷ আন এটা হ’ল বিপাকীয় বিসংগতি৷ এনে ক্ষেত্ৰত শিশুৰ কিছুমান আচৰণৰ দ্বাৰা জানিব পাৰি৷ বৰ্তমান চাৰি হাজাৰৰো অধিক শিশু জন্মগত বিসংগতিৰে জন্ম হোৱা পৰিলক্ষিত হৈছে৷ গৰ্ভধাৰণৰ সময়ত মহিলাগৰাকীয়ে কৰা কিছুমান কামৰ বাবে প্ৰসৱৰ পাছত শিশুৰ জন্মগত বিসংগতিয়ে দেখা দিয়ে৷ কৰ্মক্ষেত্ৰত  জড়িত মহিলাসকলৰ ক্ষেত্ৰত যেনে বেটাৰী ফেক্টৰীত কাম কৰা মহিলাৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিব পাৰে৷ পাৰ্লাৰত কৰ্মৰত মহিলাসকলৰ মাজত ব্লিচিঙৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ পৰা এইধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ তদুপৰি গৰ্ভাৱস্থাত মহিলাগৰাকীয়ে স্বাস্থ্যসন্মত, বিশুদ্ধ পানী সেৱন কৰিছেনে নাই, তাতো নজৰ ৰাখিব লাগে৷ নহ’লে বীজাণুযুক্ত পানী সেৱনৰ ফলতো এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ আনহাতে  গৰ্ভধাৰণৰ কৰা মহিলাগৰাকী সুৰাপায়ী তথা ধূম্ৰপায়ী হ’লে গৰ্ভজাত সন্তানটোৰ জন্মগত বিসংগতিয়ে অধিক মাত্ৰাত দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here