এই মাহত ম্যাদ শেষ হ’ব খাদ্য নিৰাপত্তা আঁচনিৰ

0
299

কেন্দ্ৰই প্ৰৱৰ্তন কৰা খাদ্য নিৰাপত্তা আঁচনিখনৰ ম্যাদ এই মাহত শেষ হ’ব৷ বিনামূলীয়া খাদ্য যোগানৰ এই আঁচনিখনৰ ম্যাদ পুনৰ সম্প্ৰসাৰণ কৰা হ’ব নেকি বা চৰকাৰৰ ওপৰত পৰা ধনৰ বোজা লাঘৱ কৰা হ’ব নেকি সেই বিষয়ে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোনকালে সিদ্ধান্ত ল’ব৷ ক’ভিড মহামাৰী আৰম্ভ হোৱাৰ পৰা এই  আঁচনিখনত কেন্দ্ৰৰ ব্যয় হৈছে ৪৪ বিলিয়ন ডলাৰ৷ আঁচনিখনৰ অধীনত ২০২০ চনৰ এপ্ৰিলৰ পৰা প্ৰতি মাহে ৮০ কোটি লোকক পাঁচ কিল’গ্ৰাম ঘেঁহু বা চাউল বিনামূলীয়াকৈ দি থকা হৈছে আৰু তাৰ বাবত বছৰি খৰচ হৈছে প্ৰায় ১.৫ ত্ৰিলিয়ন টকা৷ ২০২০ চনৰ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে বিশ্বৰ বৃহত্তম লকডাউনটো ঘোষণা কৰাৰ পাছত লাখ লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকে তেওঁলোকৰ নিজ নিজ গাঁৱলৈ কষ্টকৰ যাত্ৰা কৰিছিল৷ 
তেতিয়া মোদী চৰকাৰে তেনে লোকসকলৰ আৰু আন দুখীয়াসকলৰ বাবে খাদ্য নিৰাপত্তা আঁচনিৰ অধীনত খাদ্য যোগানৰ  ব্যৱস্থা আৰম্ভ কৰিছিল৷ জানিব পৰা মতে, আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰাটো বিত্ত মন্ত্ৰ্যালয়ে বিচৰা নাই৷ কাৰণ তাৰ ফলত বাজেটত হেঁচা পৰিছে৷ তদুপৰি ক’ভিড-১৯ মহামাৰীৰ কালত অৰ্থনীতি বিধবস্ত হৈ পৰিছিল৷ তাৰ পৰা উদ্ধাৰ পাবলৈও সময় লাগিব৷ সি যি নহওক, সকলো নিৰ্ভৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত৷ তেওঁ হয়তো উৎসৱৰ ঋতু পৰ্যন্ত কমেও আন তিনি মাহৰ বাবে আঁচনিখনৰ ম্যাদ বঢ়ায়ো দিব পাৰে৷ কাৰণ আঁচনিখন বন্ধ কৰি দিয়াটো মোদীৰ বাবে সহজ নহ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here