ঘৰুৱা পদ্ধতিৰে সহজে পৰিষ্কাৰ কৰক কাণৰ ময়লা

0
482

কাণৰ খোল বা ময়লাক চিকিৎসা বিজ্ঞানৰ ভাষাত চেৰুমেন বুলি কোৱা হয়৷ এই চেৰুমেনে কৰ্ণকূহৰৰ ছালখনৰ সুস্বাস্থ্য বজাই ৰখাৰ লগতে বেক্টেৰিয়া, ছত্ৰাক, পানী আদিৰ পৰা কাণখনক সুৰক্ষা দিয়ে৷ কিন্তু চেৰুমেনৰ পৰিমাণ বাঢ়ি অত্যধিক হ’লে কৰ্ণকূহৰত চাপ বা হেঁচাৰ সৃষ্টি কৰি কাণৰ পৰ্দাৰ ওপৰত চাপ সৃষ্টি কৰি সমস্যা উদ্ভৱ কৰে৷ লগতে এইধৰণৰ চাপৰ ফলত শ্ৰৱণশক্তিত বাধা জন্মাব পাৰে৷ কাণৰ দৰে স্পৰ্শকাতৰ অংগৰ বাবে কোনো অৱস্থাতে এনেধৰণৰ সমস্যা হোৱাটো উচিত নহয়৷ সেয়ে অৱহেলা নকৰি অতি সাৱধানতাৰে যত্নসহিতে কাণৰ ময়লা পৰিষ্কাৰ কৰিব লাগে৷ কাণৰ ময়লা পৰিষ্কাৰ কৰাৰ বাবে বহুতেই পেন্সিল, ছেফটি পিন, দিয়াচলাইৰ কাঠী, লোৰ ক্লিপ, বা বাঁহৰ কাঠী আদি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰে৷ কিন্তু এনেদৰে কাণ পৰিষ্কাৰ কৰা উচিতনে? এক কথাত মুঠেও গ্ৰহণযোগ্য নহয় এইবোৰ পদ্ধতিৰে কাণ চাফা কৰা৷ 
এইদৰে কাণ চাফা কৰাৰ ফলত কাণৰ ইনফেকশ্যন হৈ গুৰুতৰ ৰূপ ল’ব পাৰে৷ যাৰ ফলত আপুনি শ্ৰৱণশক্তিপৰ্যন্ত হেৰুৱাব পাৰে৷ আনহতে আগতে ধাতুৰ চিমটা বা হাকুটি কৰি কাণ পৰিষ্কাৰ কৰা দেখা যায়৷ কাণৰ ভিতৰত এই হাকোটাডাল বাৰে বাৰে সুমুৱাই দি কাণৰ ময়লা চাফা কৰে৷ কিন্তু এনে পদ্ধতি মুঠেও গ্ৰহণযোগ্য নহয়৷ এইদৰে কাণ চাফা কৰাৰ ফলত সংক্ৰমণ হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা থাকে৷ সেয়েহে কাণ চাফা কৰিবলৈ সদায় মেডিকেটেড বাডেৰে পৰিষ্কাৰ কৰাটো উচিত৷ ফামাৰ্চীৰ পৰা এই বীজাণুমুক্ত বাড কিনি নি কাণ চাফা কৰা ভাল৷ মনত ৰাখিব কাণ চাফা কৰোঁতে কাণৰ বহু গভীৰলৈ যাতে বাড সোমাই নিদিয়ে৷ আনহাতে কোমল চৰাইৰ পাখি লৈও লাহে লাহে পৰিষ্কাৰ কৰিব পাৰে৷ যদি কাণত বহুপৰিমাণ ময়লা জমা হৈছে, তেন্তে ওচৰৰ চিকিৎসালয়লৈ গৈহে কাণ পৰিষ্কাৰ কৰাওক৷ কিয়নো এইদৰে জমা হোৱা ময়লা পৰিষ্কাৰ কৰাৰ ফলত কাণৰে তেজ ওলাই কাণখন সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে৷ আনহাতে যিসকৰ ছাল শুকান হয়, তেওঁলোকৰ ক্ষেত্ৰত কাণৰ ময়লাও শুকান হৈ পৰে৷ সিকলৰ মূৰত উফি যথেষ্ট পৰিমাণে থাকে, তেনে লোকৰ ক্ষেত্ৰত কাণত প্ৰচুৰ পৰিমাণে ময়লা জমা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here