এই পাঁচবিধ মছলা খালে পাব আচৰিত লাভ

0
258

সাধাৰণতে পেট গণ্ডগোল প্ৰায়ে হৈ থকা দেখা যায়৷ অনিয়মিতভাৱে খোৱা, জ্বলা-পোৰা, ভজা আদি বস্তু বেছিকৈ খোৱা বা কেতিয়াবা অত্যধিক মছলাযুক্ত খাদ্যয়ো আপোনাৰ পেটৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে৷ অথবা পানীৰ পৰা নানান বীজাণুৰ সংক্ৰমণ হৈয়ো পেট বেয়া কৰিব পাৰে৷ এনে সময়ত পেটৰ পৰিচৰ্যা বা যত্ন লোৱাটো অত্যন্ত দৰকাৰী৷ ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰ মতে বহুকেইবিধ মছলা আছে, যিয়ে আপোনাৰ পেট পৰিষ্কাৰ তথা সুস্থ ৰখাত অভূতপূৰ্বভাৱে অিৰহণা যোগায়৷ যিসকলৰ গেছৰ সমস্যা আছে, তেওঁলোকে ৰন্ধনত জিৰা ব্যৱহাৰ কৰিব পাৰে৷ জিৰাই গেছ, বদহজমৰ সমস্যা নিৰাময়ৰ বাবে উত্তম মছলা৷ পেটৰ ব্যথা হ’লে সামান্য পৰিমাণে ধনিয়া বীজ লৈ গৰম পানীত ভিজাই তাত নিমখ দি সেৱন কৰিলে পেটৰ বিষ নিৰাময় হয়৷ খোৱাৰ পাছত বহুতেই গুৱামূুৰি মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা দেখা যায়৷ আচলতে ইয়াৰ মুখ্য কাৰণটো হ’ল খোৱাৰ পাছত খাদ্য সহজে হজম হোৱাৰ গুৱামূৰিয়ে প্ৰধান ভূমিকা লয়৷ গুৱামূৰিয়ে পেটৰ বিভিন্ন সমস্যা নিৰ্মূল কৰিব পাৰে৷ বিশেষকৈ বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা পেটটো বচাই ৰােখ গুৱামূৰিয়ে৷ পেটৰ নানা সমস্যাৰ বাবে পুৱা খালী পেটত গুৱামূৰি ভিজোৱা পানী সেৱন কৰিলে সুফল পোৱা যায়৷ যিসকল লোকৰ গেছৰ সমস্যা আছে, ইলাচি অতি উত্তম৷ জিৰা, ধনিয়া আৰু ইলাচি একেলগে মিশ্ৰণ কৰি গুৰি কৰি সেৱন কৰিলে গেছৰ লগতে পেটৰ বিভিন্ন বেমাৰৰ পৰা সকাহ পাব পাৰি৷ খাদ্য সহজে সিজিবলৈ বা হজম হ’বলৈ ৰন্ধন প্ৰণালীত সামান্য পৰিমাণৰ হিং ব্যৱহাৰ কৰিব পাৰে৷ হিঙে খাদ্য হজম হোৱাৰ লগতে গেছ, এচিডিটি আদিৰ সমস্যা নিৰাময় কৰিব পাৰে৷ মনত ৰাখিব হিঙৰ পৰিমাণ যাতে অতি সামান্যহে হয়৷ নহ’লে উপকাৰতকৈ অপকাৰ হোৱাৰহে সম্ভাৱনা বেছি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here