২০২৪-ৰ ভিতৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ দুগুণ বিকাশ হ’ব

0
167

ভাৰতৰ পৰা বিদেশগামী ভ্ৰমণ ২০২৪ চনৰ ভিতৰত দুগুণ হ’ব আৰু ইয়াৰ সৈতে জড়িত অৰ্থৰ পৰিমাণ ২৪ বিলিয়ন ডলাৰতকৈও বেছি হ’ব৷ এখন প্ৰতিবেদনত এই কথা প্ৰকাশ কৰি কোৱা হৈছে যে চৰকাৰে পৰ্যটনৰ বৰ্ধিত বজাৰখনক অধিক গতি দিবলৈ কিছুমান নীতি সলনি কৰিব পাৰে৷ ফিকিৰ সহযোগত নান্‌জিয়া এণ্ডাৰছেন এল এল পিয়ে প্ৰকাশ কৰা ‘আউটবাউণ্ড ট্ৰেভেল এণ্ড ট্যুৰিজম– এন অপাৰচুনিটি আনটেপ্‌ড’ শীৰ্ষক প্ৰতিবেদনখনত আপ-এণ্ড-কামিং ইণ্ডিয়ান ট্ৰেভেল মাৰ্কেট আৰু ভাৰতীয় পৰ্যটকসকল আৰু ভ্ৰমণকাৰীসকলৰ বাবে পৰ্যটন খণ্ডক অধিক আকৰ্ষণীয় কৰিবলৈ এখন আঁচনিৰ ৰূপৰেখা দাঙি ধৰা হৈছে৷ ব্যৱসায়ৰ সুচলতাৰ বাবে আৰু আউটবাউণ্ড ভ্ৰমণৰ সৈতে জড়িত ভাৰতীয় কোম্পানীবোৰৰ স্বাৰ্থৰ সমৰ্থনত চৰকাৰে জনপ্ৰিয় আৰু নতুন লক্ষ্যস্থানসমূহলৈ যাতায়াতৰ পোনপটীয়া যোগাযোগ বৃদ্ধি কৰা, ভাৰতৰ জলৰাশিত বিদেশী ক্ৰুজ জাহাজ চলাচলৰ অনুমতি দিয়াকে ধৰি ভালেমান নতুন ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে৷ নান্‌জিয়া এণ্ডাৰছেন এল এল পিৰ বিষয়ববীয়া সূৰয নান্‌জিয়াই কয় যে ভাৰতৰ আউটবাউণ্ড [বা আন্তঃৰাষ্ট্ৰীয়] পৰ্যটনৰ আকাৰ ২০২৪ চনৰ ভিতৰত ৪২ বিলিয়ন ডলাৰৰো বেছি হ’বগৈ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here