এইবোৰ ৰোগত ক’লা কচু খাওক

0
1182
ক’লা কচুৰ তৰকাৰী খাই ভাল নোপোৱা মানুহ নাই বুলিবই পাৰি৷ ভাতৰ পাতত বহি গৰমে গৰমে ক’লা কচুৰ তৰকাৰী পালে আৰু কি লাগে৷ ই খাবলৈ যিমানে সোৱাদ লগা, সিমানেই আছে তাৰ বহুতো ঔষধি গুণ৷ ক’লা কচুৰ পাত, ঠাৰি, শিপা আটাইখিনিকে খাদ্য আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷
Tender Colocasia or Kola kosu (local variety of Assam) stems with leaves and cherry tomatoes mashed dish – Taru Phukan

[১] ক’লা কচুৰ পাত আৰু ঠাৰিত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায়৷ সেয়েহে ৰক্তহীনতাত ভোগা লোকে ক’লা কচু সিজাই খোৱা উচিত৷
[২] গৰ্ভৱতী মাতৃয়ে ক’লা কচু খালে গৰ্ভস্থ সন্তানৰ মগজুৰ বিকাশ বুদ্ধিদীপ্ত হয়৷

[৩] ক’লা কচুত প্ৰচুৰ পৰিমাণে ফাইবাৰ বা আঁহ থাকে৷ যিয়ে হজম শক্তি বৃদ্ধি কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে৷
[8] ক’লা কচুত থকা ভিটামিন-A-এ চকুৰ বিভিন্ন সমস্যা, কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰে৷
[৫] শৰীৰত অক্সিজেনৰ সৰবৰাহ সুচল কৰাত ক’লা কচুৱে বিশেষ ভূমিকা পালন কৰে৷


গতিকে শৰীৰৰ এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ নিয়মিত ক’লা কচু খোৱা আৰম্ভ কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here