গৰ্ভাৱস্থাত ডায়েবেটিছ হ’লে শিশুৰ কি ক্ষতি হ’ব পাৰে?

0
947


গৰ্ভৱতী অৱস্থাত হোৱা বহুমূত্ৰক Gestational Diabetes বুলি কোৱা হয়৷ এনে অৱস্থাত প্ৰসূতিগৰাকীৰ তেজত প্ৰয়োজনতকৈ অধিক গ্লুকজ বৃদ্ধি হোৱাৰ বাবে Gestational Diabetes-এ দেখা দিয়ে৷ অধিক পানী পিয়াহ লগা, অণ্ঠ-কণ্ঠ শুকাই যোৱা, চকুৰে ধোঁৱা-কোৱা দেখা, সঘনাই প্ৰস্ৰাৱ লগা, শৰীৰ দুৰ্বল হোৱা, ওজন হ্ৰাস, মূৰ ঘূৰণি আদিয়েই Gestational Diabetesৰ প্ৰধান লক্ষণ৷

এই Gestational Diabetesৰ ফলত মাতৃগৰাকী আৰু শিশুৰ বিভিন্ন ক্ষতি হ’ব পাৰে৷ তাৰ ভিতৰত-
[১] স্নায়ু দুৰ্বল হ’ব পাৰে৷
[২] উচ্চ ৰক্তচাপ বৃদ্ধি হ’ব পাৰে৷
[৩] মাতৃ আৰু শিশুৰ জণ্ডিচ হ’ব পাৰে৷
[8] অধিক চৰ্বিযুক্ত শকত শিশু জন্ম হ’ব পাৰে, যাৰ বাবে প্ৰসৱৰ সময়ত মাতৃগৰাকীয়ে অধিক কষ্টৰ সন্মুখীন হ’ব পাৰে৷
[৫] এনে ক্ষেত্ৰত শিশু সময়তকৈ আগতে (Premature) জন্ম হ’ব পাৰে৷ আনকি কেতিয়াবা গৰ্ভপাতো হ’ব পাৰে৷


এনে অৱস্থাত প্ৰসূতিগৰাকীয়ে ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ লগতে কিছু সাৱধানতা অৱলম্বন কৰি Gestational Diabetesক নিয়ন্ত্ৰণত ৰাখিব পাৰে৷
[১] মাতৃগৰাকীয়ে সম্পূৰ্ণ পেট ভৰাই খাদ্য খাব নালাগে৷

Woman Eating A Lot Of Food While Pregnancy Stock Image - Image of caucasian, motherhood: 134300189


[২] যিকোনো মিঠা ফল, গাখীৰ, ঘিউৰে প্ৰস্তুত কৰা খাদ্য পৰিহাৰ কৰা উচিত৷

Things to know about over eating of sugar During pregnancy


[৩] আহাৰৰ লগত কেঁচা নহৰু খালে ই ইনছুলিনৰ দৰে কাম কৰে৷

Garlic during pregnancy: How safe is it? | The Times of India


[8] তিতা-কেহা বস্তু দৈনিক কম পৰিমাণে গ্ৰহণ কৰিব লাগে৷

Bitter Gourd For Pregnant Women, Why ADULT LOVE Them Even In PREGNANCY~! - YouTube


[৫] নিয়মিত সামান্য পৰিমাণে ব্যায়াম কৰাটো ভাল৷

Keep fit during pregnancy with these safe and easy exercises | Lifestyle News,The Indian Express
গতিকে Gestational Diabetes হ’লে এনেধৰণৰ ঘৰতে কিছু সাৱধানতা অৱলম্বন কৰি মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাত অৰিহণা যোগাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here