এইবোৰ অভ্যাসৰ ফলতে আপোনাৰ শিশুৰ দাঁত হয় তেৰা বেঁকা!

0
1960

দুধদানিৰ বটলৰ ব্যৱহাৰে শিশুৰ দাঁতৰ গঠন বেয়া কৰিব পাৰে৷

যিহেতু দাঁত দুপাৰিয়েই আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ অন্যতম কাৰক৷ গতিকে সৰুৰ পৰাই আপুনি নিজৰ লগতে আপোনাৰ শিশুৰ দাঁতৰ যতন লোৱা উচিত৷ কাৰণ অকণমান ইফাল-সিফাল হ’লেই দাঁতত পোকে ধৰিব পাৰে লগতে দাঁতৰ গঠনো বেয়া হ’ব পাৰে৷ আপুনি নিশ্চয় উচলা, তেৰা বেঁকা দাঁতৰ গঠনৰ লোক দেখা পাইছে আৰু তেওঁলোকক দেখি হয়তো আপোনাৰ মনত এটা কথাই আহিছে যে তেওঁলোকৰ দাঁত জন্মগতভাৱেই তেনেকুৱা৷ কিন্তু দৰাচলতে আপোনাৰ সৰুতে কৰা কিছু বদঅভ্যাসৰ বাবেও দাঁতৰ গঠন বেয়া হ’ব পাৰে৷

(১) জন্মৰ পাছত কেইমাহমানলৈ শিশুৰ আঙুলি খোৱা স্বভাৱ গঢ় লৈ উঠে৷ কিছু সময়ৰ কাৰণে এই অভ্যাসে বিশেষ কোনো সমস্যাৰ সৃষ্টি নকৰে যদিও গাখীৰ খোৱা দাঁত সৰাৰ পাছত এই অভ্যাস লাহে লাহে এৰি দিয়া উচিত৷ আঙুলি চোহা নাইবা পেচিফায়াৰৰ ব্যৱহাৰৰ ফলত দাঁতত লগা বীজাণু মুখেৰে সোমাব পাৰে আৰু দীৰ্ঘসময়লৈ আঙুলি চুহিলে দাঁতৰ গঠন বেয়া হ’ব পাৰে৷

Thumb & Finger Sucking: 11 ways to break the habit (not your budget)

(২) দুধদানিৰ বটলৰ ব্যৱহাৰে শিশুৰ দাঁতৰ গঠন বেয়া কৰিব পাৰে৷ এই বটলে দাঁতৰ ওপৰৰ অংশত বেছিকৈ প্ৰভাৱিত কৰে৷ যাৰ ফলত ওপৰ পাৰি দাঁত বাহিৰ ফালে ওলাই অহাৰ দৰে গঠন ল’ব পাৰে৷ গতিকে বেছি সময়লৈ গাখীৰৰ বটল শিশুৰ মুখত লোৱাৰ অভ্যাস নকৰিব৷

Baby Drinking Milk From Bottle And Sleeping On Bed At Home Stock Photo, Picture And Royalty Free Image. Image 70759806.

(৩) শিশুৰ দাঁত গজাৰ সময়ত যেতিয়া অলপ বিষ অনুভৱ হয়, তেতিয়া কিছুসংখ্যক শিশুৱে বিষ অনুভৱ কমাবলৈ টিথাৰ ব্যৱহাৰ কৰে নাইবা নখ কামোৰাৰ অভ্যাস গঢ় লৈ উঠে৷ ইয়াৰ ফলতে দাঁতৰ গঠন তেৰা বেঁকা হ’ব পাৰে৷

Buy Drooleecious Teether Toys - 4 Pack- Fast Shipping – Droolees

গতিকে শিশু অৱস্থাতে দাঁত যাতে তেৰা বেঁকা নহয়, এনেবোৰ অভ্যাসৰ পৰা শিশুটিক আঁতৰত ৰাখক৷

লগতে চাওক- আপুনি জানেনে? Top 5 simple health hacks you can use everyday.

LEAVE A REPLY

Please enter your comment!
Please enter your name here