ভাৰতত এদিনতে ১ লাখ ১৫ হাজাৰ লোকৰ সংক্ৰমণ

0
1118

মহাৰাষ্ট্ৰত ৫০ হাজাৰৰো অধিক লোকৰ কভিড-১৯ত মৃত্যু হৈছে৷

যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১ লাখ ১৫ হাজাৰ ৭৩৬জন লোকৰ দেহলৈ নভেল কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটিছে৷ দেশখনত এয়াই এইপৰ্যন্ত সৰ্বাধিক সংক্ৰমণ৷ ইয়াকে ধৰি দেশখনত কৰ’না ভাইৰাছৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ১ কোটি ২৮ লাখ ১,৭৮৫লৈ বৃদ্ধি পালে৷ আনহাতে দেশখনত সক্ৰিয় ৰোগীৰ সংখ্যা ৮ লাখ ৪৩ হাজাৰ ৪৭৩ আৰু ১ কোটি ১৭ লাখ ৯২ হাজাৰ ১৩৫জন লোকে আৰোগ্য লাভ কৰিছে৷ যোৱা ৬ এপ্ৰিলত দেশখনত এই মহামাৰীত মৃত্যু হয় কমেও ৬৩০জন লোক৷ ফলত এইপৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ১ লাখ ৬৬ হাজাৰ ১৭৭লৈ বৃদ্ধি পালে৷ মহাৰাষ্ট্ৰৰ পৰিস্থিতি ক্ৰমাৎ বেছি শোচনীয় হৈ পৰিছে৷ যোৱা ৬ এপ্ৰিলত ৰাজ্যখনত সংক্ৰমণ হয় ৫৫,৪৬৯জন লোকৰ৷ ৰাজ্যখনৰ কিছুমান অংশত কভিড-১৯ৰ ভেক্‌চিনৰ তিনি দিনৰ ভিতৰত নাটনি হ’ব পাৰে৷ মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেই কয় যে ভেক্‌চিনৰ নাটনিৰ কাৰণে মহাৰাষ্ট্ৰৰ বহু টিকাকৰণ কেন্দ্ৰ বন্ধ কৰি দিয়া হ’ব৷ কাৰণ ৰাজ্যখনত এতিয়া ১৪ লাখ ড’জ ভেক্‌চিনহে আছে৷ উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত ৫০ হাজাৰৰো অধিক লোকৰ কভিড-১৯ত মৃত্যু হৈছে৷ বৰ্তমান সংক্ৰমণ হোৱা অধিকাংশ লোক ২৫ ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ৷

পঞ্জাবৰ সকলো জিলাত নৈশ সান্ধ্য আইন :-
পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে যোৱা ৭ এপ্ৰিলত নৈশ সান্ধ্য আইন ৩০ এপ্ৰিলপৰ্যন্ত সমগ্ৰ ৰাজ্যখনলৈ সম্প্ৰসাৰণ কৰাৰ কথা আৰু ৰাজনৈতিক সমাৱেশ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰীজনে কয় যে বৰ্তমান ১২খন জিলাত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ কৰা নৈশ সান্ধ্য আইন ৰাজ্যখনৰ ২২খন জিলাৰ সকলোলৈকে সম্প্ৰসাৰণ কৰা হ’ব৷ নৈশ সান্ধ্য আইনৰ কঠোৰ বলৱৎকৰণ নিশ্চিত কৰিবলৈ তেওঁ পঞ্জাবৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে৷ আহমেদাবাদৰ পৰা পোৱা বাতৰি মতে, কৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুতভাৱে বৃদ্ধি পোৱাৰ কাৰণে গুজৰাট চৰকাৰে ৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ গুজৰাটৰ ২০খন মহানগৰত নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ কথা ঘোষণা কৰে৷ তদুপৰি ৩০ এপ্ৰিলপৰ্যন্ত ৰাজনৈতিক বা সামাজিক সমাৱেশো নিষিদ্ধ কৰা হৈছে৷ বিয়া-বাৰুত অতিথিৰ সংখ্যাও নিৰ্দিষ্ট কৰা হৈছে। ছট্টিশগড় চৰকাৰে ৰায়পুৰ জিলাত ৯ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈ লকডাউন ঘোষণা কৰিছে৷ আনহাতে মধ্য প্ৰদেশ চৰকাৰেও ৮ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ সকলো জিলাৰ নগাৰাঞ্চলত সপ্তাহত পাঁচদিনীয়া নৈশ সান্ধ্য আইন আৰু প্ৰতি দেওবাৰে লকডাউন ঘোষণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here