শুই শুই উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?

0
1365

টোপনিত আমাৰ শৰীৰত HGH নামৰ Growth hormone ৰিলিজ হয়, যি শিশুৰ উচ্চতা বৃদ্ধিৰ ক্ষেত্ৰত এক প্ৰয়োজনীয় উপাদান৷

আজিকালি শিশুৰ উচ্চতা প্ৰায়েই কম হোৱা বা উচ্ছতা নবঢ়াৰ সমস্যাই দেখা দিয়া দেখিবলৈ পোৱা গৈছে আৰু সেয়েহে এই সমস্যাক লৈ শিশুসকলৰ লগতে মাক-দেউতাকো চিন্তিত হোৱা পৰিলক্ষিত হয়৷ কম উচ্চতা হোৱাৰ ফলত শিশুৰ আত্মবিশ্বাসৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু তেওঁলোকে অন্য ব্যক্তিৰ ওচৰত উপস্থিত হ’বলৈও সংকোচবোধ কৰে৷ শিশুৰ সঠিক মানসিক বিকাশৰ বাবে উপযুক্ত শাৰীৰিক বিকাশৰো অত্যন্ত প্ৰয়োজন৷ কিন্তু যদি আপোনাৰ শিশুৰ উচ্চতা বৃদ্ধি হ’ব পৰা নাই নাইবা বয়স অনুযায়ী অন্য শিশুৰ তুলনাত আপোনাৰ শিশুৰ উচ্চতা কম, তেন্তে আপুনি চিন্তা-চৰ্চা কৰা উচিত যে ইয়াৰ কাৰণ কি? কাৰণটো গম পালে হয়তো আপুনি নিজেই আপোনাৰ শিশুৰ উচ্চতা বৃদ্ধিত সহায় কৰিব পাৰিব৷ উচ্চতা বৃদ্ধি নোহোৱা কাৰণসমূহৰ ভিতৰত নিম্নলিখিত কাৰণসমূহ অন্যতম–

(১) ৯০ শতাংশ শিশুৰ উচ্চতা বৃদ্ধিত বাধা আহি পৰে পৰ্যাপ্ত মাত্ৰাত কেলৰিৰ অভাৱত৷ যেতিয়া শিশুৰ খাদ্যৰ প্ৰতি অনীহা হয় তেতিয়াই শিশুৰ উচ্চতাৰ ওপৰত প্ৰভাৱ পৰে৷ আনকি স্বাস্থ্যৱান শিশুৰ ক্ষেত্ৰতো উচ্চতাৰ সমস্যা হ’ব পাৰে যদিহে তেওঁলোকৰ খাদ্যত প্ৰয়োজনীয় কেলৰি নাথাকে৷
(২) অগ্নাশয়ৰ সমস্যা অৰ্থাৎ খাদ্য হজম হোৱা হ্ৰাস পোৱা নাইবা ছিলিয়েক ডিজিজ, ক্ৰন ডিজিজৰ দৰে সমস্যাৰ ফলতো উচ্চতা বৃদ্ধি হ’ব নোৱাৰে৷ ইয়াৰ উপৰি থাইৰয়েড বা গ্ৰথ হৰমনৰ দৰে হৰমনৰ সমস্যা থাকিলেও শিশুৰ শাৰীৰিক বিকাশত বাধা আহিব পাৰে৷


শিশুৰ উচ্চতা বৃদ্ধি কেনেকৈ কৰিব–
(১)
শিশুৰ খাদ্য তালিকাত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফেট আৰু ভিটামিনৰ মাত্ৰা বৃদ্ধি কৰক৷ Junk food
ৰ পৰা শিশুক দূৰত ৰাখক৷

7 STRATEGIES TO STOP EATING JUNK FOOD

(২) স্বাস্থ্যৱান হৈ থাকিবালে হ’লে ৰাতি ভাল টোপনি অহাটো অত্যন্ত জৰুৰী৷ শিশুৱে কমেও ৮ ঘণ্টা শোৱা উচিত৷ টোপনিত আমাৰ শৰীৰত HGH নামৰ Growth hormone ৰিলিজ হয়, যি শিশুৰ উচ্চতা বৃদ্ধিৰ ক্ষেত্ৰত এক প্ৰয়োজনীয় উপাদান৷

Sleep Like a Baby: why is sleep so important for children? - Mammoth Comfort

(৩) সূৰ্য নমস্কাৰ, চক্ৰাসন, তাৰাসন আদি প্ৰাণায়ামৰ দ্বাৰাও শিশুৰ উচ্চতা বৃদ্ধি কৰিব পাৰি৷

Here's why kids must do Surya Namaskar every day | TheHealthSite.com

(৪) সাঁতোৰা উচ্চতা বৃদ্ধিৰ ক্ষেত্ৰত এক অন্যতম উপায়৷ এই কাৰ্যত শৰীৰৰ সকলো মাংসপেশীৰ ওপৰত প্ৰভাৱ পৰে৷

Top 5 Ways to Avoid Swimming Pool Accidents This Summer | J&Y Law Firm

LEAVE A REPLY

Please enter your comment!
Please enter your name here