উখোৱা চাউলৰ কি কি উপকাৰিতা আছে? What are the benefits of usna rice?

0
951

অসমীয়া সমাজত উখোৱা চাউলৰ যথেষ্ট আদৰ আছে৷ সাধাৰণতে ধান পানীত গৰম কৰি ৰ’দত শুকাই তাৰ পৰা উখোৱা চাউল পোৱা যায়৷ জানো আহক এই উখোৱা চাউলে আমাক কিদৰে সহায় কৰে৷

Febo Usna Chawal - goodsclub.in


[১] থাইৰয়ড থকা লোকে উখোৱা চাউলৰ ভাত খোৱাটো ভাল৷
[২] উখোৱা চাউলে গেছ, এচিডিটি আদি নিৰ্মূল কৰে৷
[৩] উখোৱা চাউলৰ ভাতে ৰক্তহীনতা প্ৰতিৰোধ কৰে৷
[৪] উখোৱা চাউলে হাড়, দাঁতৰ গঠন মজবুত কৰে৷
[৫] উখোৱা চাউলে পাচন প্ৰণালীক ইয়াৰ কাম সহজে কৰাত সহায় কৰে৷ সেয়েহে ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত ভোগা লোকসকলে এই চাউল খালে সুফল পায়৷
[৬] উখোৱা চাউলত কেলৰিৰ পৰিমাণ কম থাকে৷ সেয়ে এই চাউল মেদবহুলতাৰ সমস্যা নিৰাময়ৰ বাবে খাব পাৰে৷
[৭] উখোৱা চাউলত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে কেঞ্চাৰ আদি ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷
[৮] ফাইবাৰ, ভিটামিন-B6, কেলচিয়াম, পটেচিয়ামৰ লগতে মেংগানিজ আদি প্ৰচুৰ পৰিমাণে থাকে বাবে ৰক্তচাপ, হাৰ্টৰ সমস্যা আদি নিৰ্মূল কৰে৷
[৯] ডায়েবেটিছ ৰোগীৰ বাবে উখোৱা চাউল অতি উত্তম৷ এই ৰোগীৰ উপযুক্ত মেগনেচিয়ামৰ অভাৱৰ ফলত ইনছুলিন নিৰ্মাণ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়৷ উখোৱা চাউলত ৪৪ শতাংশ মেগনেচিয়াম পোৱা যায়৷ ইয়াৰ বাবে ডায়েবেটিছ ৰোগীসকলৰ বাবে ই অতি উপকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here