ইমিউনিটি বৃদ্ধি কৰিব বিচাৰেনে ? খাওক এইকাপ চাহ (Enhance your immunity with this cup of special tea)

0
299
পৃথিৱীত চাহ খাই ভাল নোপোৱা মানুহ নাই বুলিয়েই ক’ব পাৰি৷ পুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ভাগৰ লাগিলে, মূৰ বিষালে, ঠাণ্ডা লাগিলে, টোপনি লাগিলে সকলোতে চাহকাপৰ প্ৰয়োজন হয়৷ পিছে অকল যে চাহপাতেৰেই চাহ তৈয়াৰ হয়, তেনেকুৱা নহয়৷ তুলসীৰ চাহ, পদিনাৰ চাহ, আদাৰ চাহ আদি বিভিন্ন প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰা চাহ তৈয়াৰ কৰি খাব পাৰি আৰু এইবোৰৰ বিশেষ স্বাস্থ্য সম্বন্ধীয় লাভো পোৱা যায়৷ তেন্তে আজি জানো আহক আপোনাৰ ইমিউনিটি ধৰি ৰাখিবলৈ বিশেষ চাহকাপ কিদৰে প্ৰস্তুত কৰিব৷

Turmeric Ginger Tea - Doug Cook RD

ইয়াৰ বাবে আপোনাক লাগিব আধা চামুচ হালধি, ডালচেনি, এচামুচ ৰুকি থোৱা আদা, জালুকৰ গুড়ি আৰু এচামুচ গুৰৰ পাউডাৰ৷ এতিয়া এই আটাইখিনি সামগ্ৰীক একেলগে পানীত উতলাই লওক৷ পাঁচ মিনিটমান পিচত ইয়াক চেকি চাহৰ দৰে গৰমে গৰমে সেৱন কৰক৷ এই বিশেষ চাহকাপে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ভৱিষ্যতে হ’বলগীয়া ৰোগৰ সম্ভাৱনা কম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here