ৰাজ্যত দ্বিতীয় পালি ভেক্‌চিন নোলোৱা লোক কিমান ? What size of the state’s population has not received the second dose of vaccine?

0
414

নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতো ৰাজ্যৰ প্ৰায় ৫ লাখ লোকে ক’ভিড-১৯ৰ দ্বিতীয় পালি ভেকচিন লোৱা নাই৷ ৰাজ্যখনৰ বৃহৎসংখ্যক লোকে নিৰ্ধাৰিত সময়ত ভেক্‌চিন নোলোৱা কাৰ্যই এতিয়া উদ্বিগ্ন কৰি তুলিছে ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰকো৷ স্বাস্থ্য বিভাগৰ এটা সূত্ৰই এই কথা জানিবলৈ দি প্ৰকাশ কৰা মতে, নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো দ্বিতীয় পালি ভেকচিন নোলোৱা উক্ত ৫ লাখ লোকক বিচাৰি উলিওৱাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে পদক্ষেপ হাতত লৈছে যদিও এই ক্ষেত্ৰত বিশেষ সফল হোৱা নাই৷ কিয়নো উক্ত লোকসকলে প্ৰথম পালি ভেকচিন গ্ৰহণৰ সময়ত দাখিল কৰা ফ’ন নম্বৰৰ প্ৰায়সংখ্যকেই এতিয়া কাৰ্যক্ষম হৈ থকা নাই৷ আনকি বহুসংখ্যক লোকে নিজৰ ফ’ন নম্বৰৰ পৰিৱৰ্তে আন লোকৰ ফ’ন নম্বৰো প্ৰথম পালি ভেকচিন লোৱাৰ সময়ত দাখিল কৰিছিল৷ উক্ত লোকসকলৰ ভিতৰত কভিশ্বিল্ড ভেকচিনৰ দ্বিতীয় পালি নিৰ্ধাৰিত সময়ত ভিতৰত নোলোৱা লোকৰ সংখ্যা হৈছে ৩.৩২ লাখ আৰু কভেক্সিন ভেক্‌চিনৰ দ্বিতীয় পালি সময়ত নোলোৱা লোকৰ সংখ্যা হৈছে ১.৬৮ লাখ৷ ৰাজ্যখনৰ ভিতৰতে কামৰূপ (মহানগৰ) জিলাতে সৰ্বাধিক লোকে দ্বিতীয় পালি ভেকচিন নিধাৰ্ৰিত সময়ত লোৱা নাই৷ আনহাতে দ্বিতীয় পালি কভিশ্বিল্ড ভেকচিন সময়ত নোলোৱা লোকৰ ক্ষেত্ৰত নগাঁও জিলাতে আছে সৰ্বাধিক লোক৷ জিলাখনৰ ২৬,৮০৪জন লোকে সময় পাৰ হৈ যোৱাৰ পাছতো এতিয়ালৈকে কভিশ্বিল্ড ভেকচিন লোৱা নাই৷ আনহাতে কামৰূপ (মহানগৰ) জিলাৰো ২৬,৬৩৪জন আৰু কামৰূপ (গ্ৰাম্য) জিলাৰো ২৫,৫৮৬জনে নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছতো কভিশ্বিল্ড ভেকচিন লোৱা নাই৷ একেদৰে কভেক্সিন ভেকচিনৰ দ্বিতীয় পালি সময়ত নোলোৱা লোকৰ সংখ্যা বৰপেটা জিলাত হৈছে সৰ্বাধিক৷ জিলাখনৰ ৩০,৯০৮৬জনে নিধাৰ্ৰিত সময় পাৰ হৈ যোৱাৰ পাছতো এতিয়ালৈকে দ্বিতীয় পালি কভেক্সিন ভেকচিন লোৱা নাই৷ বৰপেটা জিলাৰ পাছতে এই তালিকাত দ্বিতীয় স্থানত আছে শোণিতপুৰ আৰু তৃতীয় স্থানত আছে কামৰূপ (গ্ৰাম্য) জিলা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here