ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে এইবোৰ খাদ্য খাওক

0
352

ইউৰিক এচিডত ভুগি থকাসকলৰ বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ ইয়াৰ মুখ্য সমস্যাটো হৈছে গাঁঠিৰ বিষ৷ ইয়াৰ লগতে বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ এনে পৰিস্থিতিত বিশেষজ্ঞই ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শ লোৱা দৰকাৰ৷ অত্যধিক সুৰাপান কৰা, মেদবহুলতা আদিয়েই হৈছে ইউৰিক এচিড বঢ়াৰ একমাত্ৰ কাৰণ৷ বৰ্ধিত ইউৰিক এচিড নিৰাময়ৰ হেতু কিছুমান বিশেষ খাদ্যৰ যতন লোৱা উচিত৷ জানো আহক কিধৰণৰ ফলে ইউৰিক এচিড নিয়ন্ত্ৰণত সহায় কৰে৷ আপেলত যথেষ্ট পৰিমাণে আঁহ, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন থাকে৷ যিয়ে বৰ্ধিত ইউৰিক এচিড থকা ৰোগীৰ বাবে উপকাৰী৷ ইউৰিক এচিডজনিত ৰোগৰ বাবে দৈনিক এটাকৈ আপেল খালে সুফল পোৱা যায়৷
নাচপতিয়ে শৰীৰৰ হাড়বোৰ অধিক শক্তিশালী কৰে৷ এই ফলবিধ ৰক্তহীনতাৰ সমস্যা নিৰাময়ৰ বাবে উত্তম৷ আনহাতে ডায়েবেটিছ ৰোগীৰ বাবেও নাচপতি উত্তম পথ্য৷ ইউৰিক এচিডৰ সমস্যাত ভোগা লোকসকলৰ বাবে নাচপতি উপকাৰী৷
গ্ৰী টীয়ে দেহৰ ওজন হ্ৰাস কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ ইয়াৰ লগতে গ্ৰীন টীৰ জৰিয়তে শৰীৰত বৰ্ধিত ইউৰিক এচিড হ্ৰাস হয়৷
এভোকাডো দেখিবলৈ নাচপতিৰ দৰেই৷ ইয়াৰ ভিতৰত এটা কঠিন বীজ থাকে৷ বাজটোৰ ভিতৰত ফালে কোমল আৰু বাহিৰৰ ফালে কঠিন হয়৷ ইউৰিক এচিডৰ সমস্যাত ভোগা লোকসকলে এভোকাডো খালে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here