মাংকি পক্স সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কি নীতি-নিৰ্দেশনা

0
303

বিশ্বৰ বিভিন্ন দেশত মাংকি পক্সত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে পূৰ্ব সতৰ্কতা আৰু প্ৰস্তুতিৰ বাবে ভাৰত চৰকাৰে এই ৰোগ ব্যৱস্থাপনাৰ সন্দৰ্ভত এক নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ উল্লেখ্য যে এতিয়ালৈকে ভাৰতত মাংকি পক্সৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ তথ্য নাই৷ 
এই নীতি-নিৰ্দেশনাত ৰোগটোৰ বিষয়ে, সংস্পৰ্শলৈ অহাৰ বিষয়ে, ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বিষয়ে কিছু নিৰ্দেশনা দিছে৷ এই ৰোগক বাধা দিবলৈ সংক্ৰমিত লোকজনক সংক্ৰমণৰ বিপদ-আশংকা থকাসকলৰ পৰা আঁতৰত ৰাখিবলৈ কোৱা হৈছে৷ 
সংক্ৰমিত লোকে স্পৰ্শ কৰা যিকোনো সামগ্ৰী চুবলৈ মানা কৰা হৈছে৷ সংক্ৰমণ হোৱা লোকৰ সংস্পৰ্শলৈ অহাৰ পাছত চাবোন আৰু ছেনিটাইজাৰেৰে হাত ধুবলৈ কোৱা হৈছে৷ আনহাতে এনে ৰোগীৰ শুশ্ৰূষা কৰোঁতে মাস্ক আৰু গ্ল’ভছ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here