আমৰ পাতে কি কি ৰোগ নিৰাময় কৰিব পাৰে ?

0
240

আমৰ যিমান গুণ, ঠিক একেদৰে আমৰ পাতৰো সিমানে গুণ আছে৷ বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে প্ৰাচীন কালৰে পৰা আমৰ পাত ব্যৱহাৰ হৈ আহিছে৷ আমৰ পাতৰ বিভিন্ন খনিজ উপাদান থাকে৷ ইয়াত ভিটামিন, এনজাইম, এণ্টিঅক্সিডেণ্ট আদি পোৱা যায়৷ আমৰ পাতত মেঞ্জিফিৰিন নামৰ এবিধ সক্ৰিয় উপাদান থাকে, যি স্বাস্থ্যৰ পক্ষে উপকাৰী৷ আমৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷
আমৰ পাতে ডায়েবেটিছ নিয়ন্ত্ৰণত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে৷ আমৰ পাতত টেনিনছ নামৰ এন্থোছায়ানিডিন থাকে, যিয়ে আৰম্ভণিতে ডায়েবেটিছ ৰোগ নিৰাময় কৰে৷ ইয়াৰ বাবে আমাৰ পাত ভালদৰে শুকুৱাই লৈ গুড়ি প্ৰস্তুত কৰি সংৰক্ষণ কৰি থ’ব৷ ৰাতি সেই গুড়ি গৰম পানীত মিহলাই পুৱা সেৱন কৰিলে উপকাৰ পাব পাৰে৷
আমৰ পাতত হাইপোটেনছিভ উপাদান থাকে, যিয়ে উচ্ছ ৰক্তচাপ কমোৱাত সহায় কৰে৷
যিসকল লোকে বিষণ্ণতাৰ ভুগিছে বা ক্লান্তি অনুভৱ কৰে, তেওঁলোকে কেইখিলামান আমৰ পাত গা ধোৱাৰ সময়ত সেই পানীত ভিজাই ৰাখিলে শৰীৰ শান্ত আৰু শৰীৰ সতেজ অনুভৱ কৰিব৷
কিডনী আৰু গলব্লাডাৰ ষ্টন দূৰ কৰিবলৈ আমৰ পাত যথেষ্ট উপকাৰী৷ এই পাতৰ গুড়ি পানীত তিয়াই সেৱন কৰিলে পাথৰ নাইকিয়া হয়৷
আমৰ পাতৰ সিদ্ধ পানীৰে মুখ কুলুকুলু কৰিলে মুখৰ বিভিন্ন সমস্যাৰ পৰা মুক্ত পাব পাৰে৷
হাঁপানি, এজমা আদি ৰোগত যিসকলে ভুগিছে, তেওঁলোকৰ কাৰণে আমাৰ পাত অত্যন্ত কাৰ্যকৰী৷ আমৰ পাত গৰম কৰি তাত মৌ মিহলাই খালে কাঁহ নিৰাময় হয়৷
দেহৰ কোনো অংশত পুৰিলে আমৰ পাত পুৰি তাৰ ছাই লগালে জ্বলনৰ পৰা উপশম পোৱাৰ লগতে বিহ¸-কোপ নাইকিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here