ত্ৰাহি মধুসূদন সোঁৱৰাইছে জীৱনদায়িনী ঔষধৰ দামে

0
280

দাম বৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ লোকক৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰাৰ সময়তে শেহতীয়াকৈ সাধাৰণ লোকৰ মূৰত মাধমাৰ শোধাই বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ দামো৷ জ্বৰৰ ঔষধৰ পৰা আৰম্ভ কৰি ৰক্তচাপৰ [প্ৰেছাৰ] ঔষধলৈকে প্ৰায় ৮০ শতাংশ অতি প্ৰয়োজনীয় ঔষধৰ দাম প্ৰায় ২০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ 
এনে পৰিস্থিতিত এতিয়া সৰ্বসাধাৰণ লোকসকলজীয়াই থকাটোৱেই কঠিন হৈ পৰিছে৷ উল্লেখ্য যে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী অব্‌ ইণ্ডিয়াই পাইকাৰী দৰ সূচক [হ’লছেল প্ৰাইচ ইনডেক্স]ৰ পৰিৱৰ্তন কৰাৰ ফলত কমেও ৮০০বিধ ঔষধৰ দাম বৃদ্ধি পাইছে৷ 
ইয়াৰ ভিতৰত বেছিভাগেই হৈছে অত্যাৱশ্যকীয় ঔষধ৷ জ্বৰৰ ঔষধসমূহৰ দাম প্ৰায় ২০ শতাংশ, ৰক্তচাপ অথাৰ্ৎ প্ৰেছাৰৰ ঔষধৰ দাম ১০ শতাংশ, ডায়েবেটিছ ৰোগৰ ঔষধৰ দাম ২০ শতাংশ, কাহৰ ১৫ শতাংশ, বৃক্ক ৰোগৰ ১০ শতাংশ, সকলো ভিটামিনৰ দাম প্ৰায় ১৫ শতাংশকৈ বৃদ্ধি পাইছে৷ ইফালে জীৱনদায়িনী ঔষধৰ এনে দাম বৃদ্ধিৰ ফলত এতিয়া সাধাৰণ ৰোগীৰ মাজত হাহাকাৰ লাগিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here