আপোনাৰ হাই ব্লাড প্ৰেছাৰ নেকি? বিলাহীৰ ৰস খাওক

0
1875
বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে High Blood pressure এক ভয়ংকৰ ব্যাধি হিচাপে দেখা দিছে৷ সাধাৰণতে হাই ব্লাড প্ৰেছাৰ ৰোগবিধে ভিতৰি ভিতৰি আমাক আক্ৰমণ কৰে, য’ত ব্যক্তিজনৰ অজ্ঞাতে এইবিধ ব্যাধিয়ে বহু দূৰ আগবাঢ়ি যায়৷ সেয়েহে ইয়াক ‘চাইলেণ্ট কিলাৰ’ বুলিও কোৱা হয়৷ প্ৰথমাৱস্থাত ই সতৰ্কমূলক লক্ষণ প্ৰদান নকৰে যদিও ৰোগবিধ অনিয়ন্ত্ৰিত স্তৰত উপনীত হ’লেহে ইয়াৰ উপস্থিতিৰ বিষয়ে জনা যায়৷ হাই ব্লাড প্ৰেছাৰৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰমূলক ব্যৱস্থা আছে৷ কিন্তু আজি আপোনালোকক মাত্ৰ এটা প্ৰতিকাৰৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ৷ আপোনাৰ যদি High Blood pressure আছে, তেন্তে উক্ত নিম্নোক্ত পন্থাটোৰে আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে৷
Daisy's Kitchen - Tried And Delicious Recipes Blog | Tomato juice benefits, Tomato juice, Best fruits
One of the easiest ways to manage your high blood pressure is by sipping a glass of unsalted tomato juice every day.

দৈনিক এগিলাচ বিলাহীৰ ৰস খাওক আৰু High Blood pressureৰ পৰা শৰীৰটোক ৰক্ষা কৰক৷ কিয়নো বিলাহীৰ ৰসে ব্লাড প্ৰেছাৰ হ্ৰাস কৰাৰ লগতে শৰীৰত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ ইয়াৰ বাবে প্ৰথমে আপুনি ৩-8টামান বিলাহী লৈ মিক্সিত পিচি লওক৷ তাৰ পাছত মিশ্ৰণটোত অলপ পানী মিহলাই লওক৷ সেই মিশ্ৰণখিনি এটা ভাল পাত্ৰত চেকি ল’ব৷ উক্ত মিশ্ৰণখিনি বটল বা অইন পাত্ৰত সংৰক্ষণ কৰি থ’ব পাৰে৷ তাৰ পৰা দৈনিক এগিলাচ বিলাহীৰ ৰস উলিয়াই খোৱাৰ অভ্যাস কৰক৷ এসপ্তাহৰ ভিতৰতে আপুনি High Blood pressureৰ পৰা উপশম পাব৷ দৰাচলতে বিলাহীৰ ৰসত ভিটামিন-A, কেৰ’টিনয়ড, কেলচিয়াম, এমিন’বুটিক এচিড প্ৰচুৰ পৰিমাণে থাকে বাবে হৃদৰোগ নিৰাময়ত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here