বেলপাতৰ উপকাৰিতা জানো আহক

0
1118
আমাৰ বিভিন্ন মাংগলিক কৰ্ম, পূজা আদিত বেলপাত ব্যৱহাৰ হয়৷ বিশেষকৈ শিৱ পূজাত বেলপাত এক অবিচ্ছেদ্য নৈবেদ্য৷ কিন্তু এই বেলপাতক বিভিন্ন ৰোগ নিৰ্মূলত ঘৰুৱাভাৱে প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ বেলপাত গুড়ি কৰি, পাউডাৰ বনাই পানীৰ সৈতে মিহলাই খালে কি লাভ হয় জানো আহক৷

[১] প্ৰতিদিনে পুৱা বেলপাতৰ ৰস আৰু আমলখিৰ ৰস পানীৰ সৈতে মিহলাই খালী পেটত খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে৷
[২] ৰক্তহীনতাত ভোগা লোকসকলে বেলপাতৰ ৰস খালে সুফল পোৱা যায়৷ দৈনিক ৫টাকৈ বেলপাত খালে দেহত তেজৰ পৰিমাণ বৃদ্ধি পায়৷

Wood apple juice recipe by Keya Deb at BetterButter


[৩] যদি আপুনি ছালৰ সমস্যাত ভোগ কৰি আছে, তেন্তে বেলপাত আৰু নিমপাতৰ গুৰি খাওক৷ বেলপাতৰ এণ্টিঅক্সিডেণ্ট গুণ আছে বাবে ছালৰ সমস্যা দূৰ কৰে৷
[8] অকালতে চুলি সৰা বন্ধ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক বেলপাত খাওক৷
[৫] মৌমাখি, বৰল আদি পোক-পৰুৱাই কামুৰিলে বিষ নিৰাময়ৰ বাবে ক্ষতস্থানত বেলপাতৰ ৰস প্ৰয়োগ কৰক৷ বিষ উপশম পাব৷

Buy Aegle Marmelos Wood Apple Fruits Bael Bengal Quince Organic leaves Powder Online in India. 274284915379


[৬] শিশু অৱস্থাত পেটত পেলু নিৰাময়ৰ বাবে বেলপাতৰ গুৰি পানীত মিহলাই খুৱালে উক্ত সমস্যাৰ পৰা ৰক্ষা পাব পাৰি৷
সেয়েহে আহকচোন মহাদেৱক সন্তুষ্ট কৰিব পৰা এইবিধ পাত আমাৰ শৰীৰটো সুৰক্ষা দিয়াত ব্যৱহাৰ কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here