অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ আহ্বান

0
138

অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ সংসদৰ মজিয়াত দাবী জনালে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই৷ ৰাজ্য সভাৰ শূন্য কালত সাংসদজনে ৰাজ্যৰ চাহ উদ্যোগটোৰ কথা উল্লেখ কৰি কয় যে অসমৰ চাহ উদ্যোগটোৱে ২০২৩ চনত দুশ বছৰ পূৰ্ণ কৰিব৷ অসমবাসীৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই দুশ বছৰীয়া জয়ন্তী উলহ-মালহেৰে পালন কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে৷ সেয়েহে এনে এক সময়ত অসমৰ চাহক জাতীয় পানীয় হিচাপে ঘোষণা কৰিব লাগে৷ এই ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াওক, লগতে দেশৰ আন প্ৰান্ততো এই উৎসৱ পালন কৰা হওক৷ অসমৰ চাহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই উৎসৱ পালন কৰা জৰুৰী৷ 
আনহাতে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, গুজৰাটৰ পৰা উত্তৰ-পূবৰ সকলো লোকৰে ৰান্ধনী ঘৰত চাহ থাকেই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰতিজন লোকেই একাপ চাহেৰে দিনটো আৰম্ভ কৰে৷ ভাৰতীয় সংস্কৃতিৰ ই এক অভিন্ন অংগ৷ সেয়েহে আমাৰ সমাজত চাহৰ গুৰুত্ব অপৰিসীম৷ আনহাতে চাহ বুলিআজিকালি আন সামগ্ৰীও বিক্ৰী কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে অপৰাজিতা ফুলকো ‘ব্লু ট্ৰি’ নামৰে বিক্ৰী কৰা হয়৷ কিন্তু এয়া চাহ নহয়৷ চাহৰ আৰু অপৰাজিতা ফুলৰ সুকীয়া সুকীয়া বৈজ্ঞানিক নাম আছে৷ তেওঁ এনেদৰে চাহৰ নামত আন সামগ্ৰী বিক্ৰী কৰাটো বন্ধ কৰাৰ দাবী উত্থাপন কৰে৷ ইফালে আমি খোৱা প্ৰতিকাপ চাহৰ সৈতে চাহ শ্ৰমিকসকলৰ ত্যাগ তথা কষ্ট জড়িত হৈ থাকে বুলি উল্লেখ কৰি সাংসদজনে কয় যে অসমত প্ৰায় ৫০ লাখ চাহ শ্ৰমিক আছে৷ ব্ৰিটিছসকল এশ বছৰ আৰু স্বাধীনতা লাভ কৰাৰ পাছত  কংগ্ৰেছৰ ৭০ বছৰীয়া শাসন কালত আমি বহুতো হেৰুৱালোঁ৷ সেয়েহে চাহ শ্ৰমিকসকলৰবাবে বিশেষ পেকেজ ঘোষণা কৰাৰ বাবেও সংসদৰ মজিয়াত দাবী উত্থাপন কৰে সাংসদ মাৰ্ঘেৰিটাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here