অসমত স্থাপন হ’ব পূৰ্ব ভাৰতৰ ভিতৰত সৰ্ববৃহৎ চিকিৎসালয় ও চিকিৎসা মহাবিদ্যালয়!!

0
1705

নিউজ হে’লথ্ প্লাছ, ১৪ ছেপ্টেম্বৰ, ২০২০:ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেলযোগে ঘোষনা কৰিছে এই কথা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষনা কৰা অনুসৰি পানবজাৰস্থিত মোহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু কালাপাহাৰস্থিত যক্ষ্মা চিকিৎসালয় দুখন সংলগ্ন কৰি গুৱাহাটীত নিৰ্মাণ কৰা হ’ব পূব ভাৰতৰ সৰ্ববৃহৎ চিকিৎসালয়। নিৰ্মাণ পৰিকল্পিত এই চিকিৎসালয়খনত এতিয়াৰ এম এম চি অংশত ৫০০ আৰু এতিয়াৰ যক্ষ্মা চিকিৎসালয় অংশত ৩০০ বিচনালৈ সৰ্বমুঠ ৮০০ বিচনা থাকিব।  অহা ডিচেম্বৰ মাহত আধাৰশিলা স্থাপন কৰিবলগীয়া এই চিকিৎসালয়খনৰ নিৰ্মানৰ সমান্তৰালকৈ ৰাজ্যত ডিচেম্বৰ মাহতেই আৰু চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মানৰ কামো আৰম্ভ হ’ব। গৌহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ এতিয়াৰ ভিৰ কমাবলৈ এখন একেধৰণৰ চিকিৎসা মহাবিদ্যালয় কামৰূপ জিলা বা গুৱাহাটীতেই স্থাপনৰ পোষকতা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here