অসমৰ কোনখন জিলাত মাত্ৰ এজন স্ত্ৰীৰোগ বিশেষজ্ঞ?

0
1376

নিউজ হে’লথ্ প্লাছ, ১৪ ছেপ্টেম্বৰ, ২০২০:

মাজুলিলৈ গৈ পাইছেনে আপুনি? এই যে পৃথিৱীৰ বৃহত্তম নদীদ্বীপটো! মাজুলী। আমাৰ অসম গৌৰৱ মাজুলী। নামটোতেই কিবা এটা শিহৰণৰ জাগে। সত্ৰনগৰী বুলি শ্ৰদ্ধাত মুৰ দো খাই যায়।

ৰাজনৈতিক বুৰঞ্জীৰ ফালৰ পৰা ২০১৬ চনটো মাজুলীৰ বাবে অতি গুৰুত্বপূৰ্ণ। ২০১৬ চনত সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰে মাজুলীক জিলা ঘোষনা কৰাৰ লগে লগে মাজুলী হৈ পৰিল ভাৰতৰ সৰ্ববৃহৎ নদীদ্বীপ জিলা।

আমি ক’বলৈ পাই গৌৰৱান্বিত যে সত্ৰনগৰী খ্যাত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ আৰু ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নদীদ্বীপ জিলা মাজুলী আমাৰ অসমতেই অৱস্থিত।

কিন্তু কেনেদৰে চলিছে মুখ্যমন্ত্ৰীৰ গৃহজিলাৰ স্বাস্থ্যখণ্ড?

আমাৰ হাতত পৰা শেহতীয়া তথ্য অনুসৰি মাজুলীৰ স্বাস্থ্যখণ্ড সম্প্ৰতি অতি পুতৌজনক।

১৩ ছেপ্টেম্বৰ, ৰবিবাৰৰ সাদিন কাকতৰ ৰাইজৰ চিঠিত প্ৰকাশ পোৱা মতে গোটেই মাজুলী জিলাখনত নাই এজনো শিশুৰোগ বিশেষজ্ঞ। গোটেই জিলাখনত আছে মাত্ৰ এজন স্ত্ৰীৰোগ বিশেষজ্ঞ।

মাজুলীত যদিও যোৱা বছৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগনিৰ্নয় আচনিৰ অধীনত ৫২ টা ৰোগ নিৰ্নয়ৰ বাবে পৰীক্ষাগাৰ স্থাপন কৰা হৈছিল, বিনামূলীয়া চি টি স্কেনৰ মেচিন স্থাপন কৰা হৈছিল, কিন্তু মাজুলীত নাই এজনো ৰেডিঅ’লজিষ্ট। কেৱল ফেৰী সেৱাৰে যোৰহাট জিলাৰ লগত সংযুক্ত মাজুলীত চিকিৎসকৰ অভাৱে এতিয়া সকলোকে উদ্বিগ্ন কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here