ছাল-চুলিৰ যতনত মেথি শাক || Fenugreek leaves for healthy skin and hair

0
529
শাক স্বাস্থ্যৰ বাবে যিমান উপকাৰী, ঠিক সিমানেই ছাল আৰু চুলিৰ বাবে আৱশ্যক৷ শাক খোৱাৰ ফলত শৰীৰে পুষ্টি লাভ কৰে৷ যাৰ সমান্তৰালভাৱে ছাল আৰু চুলিৰো উন্নতি সাধন হয়৷ চুলিৰ খজুৱতিৰ লগতে মুখৰ ব্ৰুন আৰু ক’লা দাগ দ্ৰুতভাৱে নাইকিয়া কৰিবলৈ এই যাদুকৰী শাক হ’ল মেথি শাক৷

চুলিৰ যত্নত মেথি শাক–
মেথি শাকত থকা আইৰন, ভিটামিনে চুলিৰ যাৱতীয় সমস্যা সমাধান কৰে৷ চুলিৰ খজুৱতি দূৰ কৰা, চুলি পকা ৰোধ কৰা, মূৰৰ ছালৰ নানা সংক্ৰমণৰ ক্ষেত্ৰত এইবিধ শাক খুব কাৰ্যকৰী৷ স্বাস্থ্যকৰ আৰু ঘন চুলি পাবলৈ মেথি শাক নিদ্ধিৰ্ধাই ব্যৱহাৰ কৰিব পাৰে৷

How To Use Fenugreek Seeds for Hair Benefits + Hair Loss – SAVE ME FROM

ইয়াৰ বাবে তৈয়াৰ কৰক মেথি তেল৷ প্ৰথমে অলপ নাৰিকল তেল গৰম কৰিব৷ তাত মেথি শাকৰ ৰস মিহলাই পুনৰ তেল আৰু মেথিৰ ৰসখিনি অলপ গৰম কৰক৷ ৫-১০ মিনিটপৰ্যন্ত গৰম হোৱাৰ পাছত তেল প্ৰস্তুত হৈ উঠিব৷ এই মিশ্ৰণটো ঠাণ্ডা কৰি এটা কাচৰ বটলত ভালদৰে জমা কৰক৷ এই তেলেৰে সপ্তাহত ২-৩ বাৰ মূৰত মাচাজ কৰক৷ ইয়াৰ পাছত ছেম্পুৰে মূৰটো ধুই দিব৷ দেখিব চুলিৰ উজ্জ্বলতা বাঢ়ি ঢৌ খেলা হৈছে৷


ছালৰ যত্নত মেথি শাক–
কম বয়সতে মুখত বলিৰেখা পৰা, মুখত ব্ৰুন ওলোৱা, ক’লা দাগ হোৱা আদি সমস্যাৰ পৰা আপোনাক মেথিশাকে পৰিত্ৰাণ দিয়াব পাৰে৷ মেথি শাকে ছালৰ বেক্টেৰিয়া ভিতৰৰ পৰা দূৰ কৰিব পাৰে৷ ইয়াৰ বাবে কেইটামান মেথি শাকৰ পাত বটি তাৰ পৰা ৰস উলিয়াই লওক৷

FENUGREEK MASK FOR CLEAR AND BRIGHT SKIN | THE INDIAN SPOT

গাখীৰ বা পানীৰ সৈতে এই ৰসখিনি মিহলাই একেলগে ব্লেণ্ড কৰক৷ এতিয়া এই ফেচপেকটো মুখত ২০ মিনিট সময় ৰাখি থওক৷ তাৰ পাছত কপাহ বা পৰিষ্কাৰ কাপোৰেৰে ভালদৰে মচি দিয়ক৷ মুখখন পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক৷ নিয়মিতৰূপে এই ফেচপেক ব্যৱহাৰ কৰিলে মুখত পৰা বলিৰেখা, ক’লা দাহ, মুখৰ ব্ৰুণ ওলোৱা আদি সমস্যাৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here