অভিশাপস্বৰূপ হৈ পৰিছেপ্লাষ্টিকৰ পেলনীয়া সামগ্ৰী

0
179


অসমৰ লগতে গুৱাহাটী মহানগৰৰ বাবে এতিয়া অভিশাপস্বৰূপ হৈ পৰিছে প্লাষ্টিকজাতীয় সামগ্ৰী৷ মহানগৰৰ পৰিৱেশ প্ৰদূষণৰ এক অন্যতম কাৰণ হৈছে প্লাষ্টিকৰ ব্যৱহাৰ৷ সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈপ্লাষ্টিক বেগ বৰ্জন কৰিব লাগিব৷ ব্যৱসায়ীয়ে চল্লিশ মাইক্ৰনৰ ওপৰত প্লাষ্টিক বেগ বিক্ৰী কৰাটো নিষিদ্ধ৷ কিন্তু এই অসাধু ব্যৱসায়ীসকলে প্লাষ্টিক বিক্ৰী কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে৷ প্লাষ্টিক বৰ্জনৰ বাবে জি এম চি কৰ্তৃপক্ষই অভিযান চলাইছিল যদিও আধাতে সামৰিলে৷ বজাৰসমূহত স্থানীয় ব্যাৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে পদপথ বা মুকলি ঠাইত থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলে দৈনিক বহু আৱৰ্জনাৰ সৃষ্টি কৰে৷ বহু ব্যৱসায়ীয়ে এই আৱৰ্জনাসমূহ পথৰ কাষৰ নলাতে পেলাই আহিছে৷ যাৰ বাবে বজাৰ অঞ্চলসমূহত নলাত সঘনাই আবদ্ধ হৈ পৰাৰ লগতে কৃত্ৰিম বান আদিৰ সৃষ্টি হয়৷ মহানগৰৰ ফাঁচিবজাৰ, চানমাৰি, নুনমাটি, গণেশগুৰি আদিৰ লগতে জি এছ ৰ’ড, এ টি ৰ’ড, এ কে আজাদ ৰ’ড আদি পথত পৌৰ নিগমৰ চাফাই কৰ্মীয়ে নলা পৰিষ্কাৰ কৰোঁতে এনে দৃশ্য প্ৰায় দেখা পোৱা যায়৷ য’ত ব্যৱসায়ীৰ লগতে ৰাইজৰ অসচেতনতাৰ বাবে দৈনিক সহস্ৰাধিক প্লাষ্টিকৰ বটল নলাত পেলাই থকা হৈছে৷ বিশেষকৈ গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীত প্লাষ্টিকজাত সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে বহুকেইটা পদক্ষেপ হাতত লৈছে বুলি বিভিন্ন সময়ত সদৰী কৰি আহিছে যদিও বাস্তৱত কি কৰিছে সেয়া দেখিবলৈ পোৱা নাই৷ উল্লেখ্য যে প্লাষ্টিক প্ৰদূষণে বৰ্তমান সময়ত চহৰাঞ্চলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্লাষ্টিকৰ বৰ্জিত আৱৰ্জনা পৰিশোধন কৰাৰ ব্যৱস্থা আজিও গুৱাহাটীত গঢ়ি উঠা নাই৷ চৰকাৰে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে বৰ্জিত প্লাষ্টিকে ৰাজ্যৰ লগতে গুৱাহাটীত পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি অদূৰ ভৱিষ্যতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here