গুৱাহাটীৰ প্ৰদূষণে বিপজ্জনকঅৱস্থালৈ গতি কৰিছে

0
340


বিপজ্জনক অৱস্থালৈ গতি কৰিছে গুৱাহাটীত প্ৰদূষণৰ মাত্ৰা৷ এয়াৰ কোৱালিটি ইনডেক্সে গুৱাহাটীত পাৰ কৰিছে বিপদসীমা৷ ধূলিকণা আৰু গাড়ী-মটৰৰ বাবে আটাইতকৈ বেছি প্ৰদূষিত হৈছে গুৱাহাটী৷ গুৱাহাটীৰ বৰ্তমান এয়াৰ কোৱালিটি ইনডেক্স হৈছে ৩৫০৷ এই তথ্য প্ৰকাশ কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বৃক্ষ ৰোপণৰ আহ্বান জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে৷ বিশেষকৈ ৰাজধানী মহানগৰ গুৱাহাটীতো দ্ৰুতগতিত পৰিৱেশ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ শব্দ প্ৰদূষণ, পানী প্ৰদূষণ আৰু মাটি প্ৰদূষণৰ সমানেই বৃদ্ধি পাইছে বায়ু প্ৰদূষণ৷ গুৱাহাটী মহানগৰৰ বায়ুত বিষাক্ত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ অত্যধিক বৃদ্ধি পাইছে৷ দিনকদিনে মহানগৰত বৃদ্ধি পোৱা জনসংখ্যা, যান-বাহন, কল-কাৰখানা আৰু তাৰ বিপৰীতে গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱাৰ বাবেই বায়ুত কাৰ্বন-ডাই- অক্সাইডৰ পৰিমাণো বৃদ্ধি পাইছে৷ তথ্য অনুসৰি মহানগৰৰ বায়ুত দৈনিক কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ ৯-৪১ মিউ গ্ৰাম-৩ থকাৰ বিপৰীতে পুৱা আৰু সন্ধিয়া ৫০ মিউ গ্ৰাম-৩ৰো অধিক থাকে৷ এক তথ্যত প্ৰকাশ পোৱা অনুসৰি বায়ুত ক্ষুদ্ৰ বিষাক্ত কণিকা পাৰ্টিকুলেট মেটাৰ [পি এম ১০], নাইট্ৰজেন অক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ পৰিমাণ ভয়াৱহ গতিত বৃদ্ধি পাইছে৷ প্ৰকাশ পোৱা তথ্য অনুসৰি বায়ুত বিষাক্ত পাৰ্টিকুলেট মেটাৰৰ [পি এম ১০] পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে৷ বায়ুৰ গুণাগুণ ০-৫০ ঘনমিটাৰৰ ভিতৰত থাকিলে বিশেষ অসুবিধা নহয়৷ কিন্তু ৫১ ঘনমিটাৰ অতিক্ৰম কৰাৰ পাছত বায়ু বিষাক্ত হৈ পৰে৷ সাধাৰণতে মহানগৰত বায়ুৰ বিশুদ্ধতাৰ গুণাগুণত ৫১-১০০ আৰু¸ ১০১-২০০ ঘনমিটাৰৰ ভিতৰত থাকে যদিও এতিয়া অধিক বৃদ্ধি পাইছে৷ এনে অৱস্থাত বিভিন্ন মাৰাত্মক ৰোগৰ সৃষ্টি হ’ব পাৰে৷ উল্লেখ্য যে গুৱাহাটী দেশৰ ভিতৰতে এখন আগশাৰীৰ প্ৰদূষিত মহানগৰলৈ পৰিণত হৈছে৷ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি এনেদৰে ভয়াৱহ ইংগিত নামি অহাৰ পাছতো উদাহীন হৈ বহি আছে চৰকাৰ, বন বিভাগ তথা গুৱাহাটী পৌৰ নিগম৷ গুৱাহাটীৰ পৰিৱেশ সংৰক্ষণৰ বাবে‘সেউজীয়া গুৱাহাটী-পৰিষ্কাৰ গুৱাহাটী’ আঁচনি ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে পৌৰ নিগমে৷ যাৰ ফলত অধিক হ্ৰাস পাই গৈ আছে মহানগৰৰ সেউজ আৱৰণ৷ প্ৰদূষণৰ ফলত মহানগৰবাসীৰ মাজত ৰোগৰ সংখ্যাও বৃদ্ধি পাইছে৷ মহানগৰত এনেদৰে ভয়ানক গতিত পৰিৱেশ প্ৰদূষণ হৈ থকাৰ পাছতো প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কোনো ¸ব্যৱস্থা গ্ৰহণ কৰা নাই৷ পৰিৱেশ এনেদৰে আৰু অধিক প্ৰদূষিত হৈ গৈ থাকিলে অদূৰ ভৱিষ্যতে মানুহ জীয়াই থকাটোও অসম্ভৱ হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here