অপুষ্টি : ৰাজ্যত লাখ লাখ শিশুৰ ভৱিষ্যৎ কোন দিশে ?

0
1208

আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ৷ কিন্তু আজিৰ তাৰিখত অসমত  লাখ লাখ শিশুৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে৷ ৰাজ্যখনত অপুষ্টিয়ে শিশুসকলৰ জীৱন কোঙা কৰি পেলাইছে৷ আনকি এইক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰকো চেৰ পেলাইছে অসমে৷ 
শেহতীয়াকৈ কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এখন প্ৰতিবেদনত ৰাজ্যখনৰ শিশুসকলৰ জীৱন অন্ধকাৰ কৰি পেলাব খোজা এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ বিভাগটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি পাঁচ বছৰ বয়সৰ তলৰ ৰাজ্যৰ ৩৫.৩ শতাংশ শিশুৰ শাৰীৰিক বিকাশত বাধাগ্ৰস্ত হৈছে৷ 
একেদৰে ৰাজ্যৰ ২১.৫ শতাংশ শিশু হৈছে অতিশয় ক্ষীণ৷ আনহাতে বয়স অনুসৰি এটি শিশুৰ ওজন যিমান হ’ব লাগে, তাতকৈ কম ওজন থকা শিশুৰ হাৰ হৈছে ৩২.৫ শতাংশ৷ সকলোতকৈ ডাঙৰ কথা যে এইক্ষেত্ৰত  অসমে ৰাষ্ট্ৰীয় হাৰকো চেৰ পেলাইছে৷ সেইদৰে পৰ্যাপ্ত ওজন নথকা শিশুৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় হাৰ ৩২.১ শতাংশ হোৱাৰ বিপৰীতে অসমৰ হাৰ হৈছে ৩২.৫ শতাংশ৷ 
ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ৰাজ্যখনত শিশুসকল কিদৰে অপুষ্টিত ভুগিছে৷ যাৰ ফলত ৰাজ্যত অনাগত দিনত অপুষ্টিৰ লগতে আন আন সমস্যাত ভোগা শিশুৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ক’বলৈ গ’লে যি সময়ত এক সোণালী শৈশৱ কটাই আজিৰ শিশুসকল কাইলৈ দেশৰ ভৱিষ্যৎ হ’ব লাগিছিল, সেই সময়তে অসমত ক্ষীণকায়, অপৰ্যাপ্ত ওজন তথা টিকাকৰণৰ অভাৱে লাখ লাখ শিশুৰ শৈশৱ কৰি তুলিছে বিপৰ্যস্ত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here