ৰাজ্যত এইবাৰ ড্ৰাগ্‌ছ সৰবৰাহত শিশুক ব্যৱহাৰ

0
440

লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বান্দৰদেৱাৰ আৰক্ষীৰ ড্ৰাগ্‌ছ-বিৰোধী এক অভিযানত ড্ৰাগ্‌ছ সৰবৰাহত  জড়িত কৰা এটি শিশুৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ হয়৷ আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ পৰা ৪০টা কণ্টেইনাৰসহ ৫.০৪ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ 
আৰক্ষীয়ে অভিযান চলাই বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২নং পাৰ্বতীপুৰৰ ৰমা গাম, মিনা বড়ি, লালুকৰ জিতেন বিশ্বাসৰ পত্নী ৰিজু পেগুক গ্ৰেপ্তাৰ কৰে৷ বিহপুৰীয়া থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত এইদৰে হেৰ’ইনসহ তিনিওটা ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ 
এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত এখন সংবাদমেলত লখিমপুৰ আৰক্ষীৰ উপ-পৰিদৰ্শক ৰুণা নেওগ, বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰাই কয় যে বিগত সময়ত ড্ৰাগ্‌ছ ব্যৱসায়ীয়ে মহিলাক ব্যৱহাৰ কৰাৰ দৰে এইবাৰ শিশুক ব্যৱহাৰ কৰিছে, যিটো উদ্বেগজনক বিষয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আঠ বছৰীয়া শিশুটিৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰিছে৷ 
আৰক্ষীয়ে শিশুটিক জে জে ব’ৰ্ডত চমজাই দিব বুলি সদৰী কৰে৷ ইফালে আৰক্ষী উপ-পৰিদৰ্শকজনে সংবাদমেলত জনোৱা মতে, আৰক্ষীয়ে ২০২২  বৰ্ষত মুঠ ১২৫গৰাকী ড্ৰাগ্‌ছ সৰবৰাহকাৰী, ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে৷ আনহাতে বিগত কেইটামান দিনত ডেনিয়েল বড়ি, মোবাৰক আলী, কুতুবুদ্দিন আলীক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে ড্ৰাগ্‌ছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here