মাতৃৰ জৰায়ুত গৰ্ভস্থ সন্তানৰ বাবে ভিটামিন-ডি অত্যন্ত লাগতিয়াল৷ শিশুৰ জন্মৰ আগৰ পৰা শিশুটিৰ যি বৃদ্ধি আৰু বিকাশ হৈ থাকে, তাৰ লগত ভিটামিন-ডিৰ আচৰিত সম্বন্ধ আছে৷ গৱেষণাত প্ৰকাশ পোৱা মতে গৰ্ভৱতী মাতৃৰ দেহত ভিটামিন-ডিৰ অভাৱ হ’লে গৰ্ভজাত সন্তানটোৰ সঠিক বৃদ্ধি আৰু বিকাশত সঠিককৈ নহয়৷ মানৱ দেহত ভিটামিন-ডিৰ প্ৰয়োজন কিমান, তাৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ চিকিৎসা বিজ্ঞানৰ এক গৱেষণাত প্ৰকাশ পাইছে যে মাতৃৰ দেহৰ থকা ভিটামিন-ডি পৰিমাণৰ ওপৰত নিৰ্ধাৰণ হয় ভৱিষ্যতৰ সন্তানটোৰ বৃদ্ধিমত্তা কেনে হ’ব৷ সাধাৰণতে জনা যায় যে সূৰ্যৰ পোহৰ হৈছে ভিটামিন-ডিৰ ভাল উৎস৷ ইয়াৰ উপৰি কণাৰ হালধীয়া অংশ, সাগৰীয় মাছ, কড লিভাৰ, কমলা,মাছৰ কণী আদিত ভিটামিন-ডি পোৱা যায়৷ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল অব নিউট্ৰিশ্যন নামৰ পত্ৰিকাখনত প্ৰকাশিত এক তথ্য অনুসৰি বহুসময়ত গৰ্ভৱতী মহিলাগৰাকীৰ দেহত ভিটামিন-ডিৰ অভাৱ উপলব্ধ হয়৷ তদুপৰি বগা চেহেৰাৰ মহিলাসকলকৈ ক’লা বৰণৰ গৰ্ভৱতী মহিলাৰ দেহত ভিটামিন-ডিৰ অভাৱ বেছিকৈ হোৱা পৰিলক্ষিত হয়৷ ক’লা বৰণৰ ছালৰ গৰাকীৰ দেহত মেলালিন পিগমেণ্টসমূহে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি ভালকৈ প্ৰতিহত কৰিব পাৰে যদিও ভিটামিন-ডি যথেষ্ট পৰিমাণে শোষণ কৰিবলৈ ব্যৰ্থ হয়৷ সেয়েহে বগা বৰণৰ লোকতকৈ ক’লা বৰণৰ লোকসকলপ দেহত ভিটামিন-ডিৰ অভাৱ বেছিকৈ হোৱা দেখা যায়৷ এক তথ্য মতে প্ৰায় ৪৬ শতাংশ গৰ্ভৱতী মহিলাই ভিটামিন-ডিৰ অভাৱত ভুগিব পাৰে৷ যাৰ ফলত ভিটামিন-ডিৰ অভাৱত ভোগা মহিলাসকলে প্ৰসৱ কৰা শিশুটিৰ ভৱিষ্যতে আই কিউৰ লেভেল কম হয়৷ সেয়েহে গৰ্ভৱতী মহিলাক বেছিকৈ দেহত সূৰ্যৰ কুমলীয়া পোহৰ লগাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকসকলে৷ ইয়াৰ সমান্তৰালভাৱে গৰ্ভাৱস্থাত ভিটামিন-ডিযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰা উচিত৷
গৰ্ভাৱস্থাত দেহত ৰ’দ লগালে পায় আচৰিত গুণ
By Health Plus
177
RELATED ARTICLES
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
Health Plus - 0
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...
জিভাখন চাফা নকৰিলেকি কি ৰোগ হ’ব পাৰে
Health Plus - 0
আমাৰ শৰীৰৰ অত্যন্ত প্ৰয়োজনীয় অংগৰ ভিতৰত জিভাখন অন্যতম৷ কিন্তু শৰীৰৰ আন অংগৰ সমান্তৰালভাৱে জিভাখনৰ যত্নত আওকাণ কৰা দেখা...
প্ৰস্ৰাৱৰ এইধৰণৰ সমস্যাবোৰে বুজাই দিয়েকিডনীজনিত বিকাৰৰ কথা
Health Plus - 0
শৰীৰক সুস্থ ৰখাত কিডনীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সেয়ে কিডনীৰ সুস্থতা অতি জৰুৰী৷ কিডনীৰ সমস্যা হ’লে প্ৰথমে ধৰা নপৰে৷ প্ৰায় ৮০-৯০ শতাংশ কিডনী ক্ষতিগ্ৰস্ত...
Most Popular
শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব
আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...
চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু
ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...
বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?
দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...
জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?
জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...