মানসিক চাপ, হতাশাৰ পৰা মুক্তি পোৱাৰ উপায় হৈছে যোগ : মুখ্যমন্ত্ৰী

0
717

যোগ হৈছে প্ৰাচীনতম ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ যোগে শৰীৰ, মন, চিন্তা, কৰ্ম, প্ৰকৃতি, মিলনৰ সাৰ্থক স্বৰূপ  প্ৰকাশ কৰে৷ ৰোগ, মানসিক চাপ, হতাশাৰ পৰা মুক্তি পোৱাৰ অন্যতম উপায় হৈছে যোগ৷– ২১ জুনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অষ্টম বিশ্ব যোগ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ 
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে যোগ হৈছে এক অভ্যাস; একে সময়তে আমাৰ অভ্যন্তৰীণ শক্তিক ই উদ্দীপিত কৰে আৰু চঞ্চল মনক স্থিৰ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে যোগে প্ৰাণৰ সঞ্চাৰ কৰে, মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায়৷ যোগৰ লগত ধৰ্মৰ পোনপটীয়া সম্পৰ্ক নাই বুলি উল্লেখ কৰি তেওঁ কয় যে যোগ হ’ল শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক যোগসূত্ৰসমূহ স্থাপনৰ মাধ্যম মাত্ৰ৷ 
যোগ আৰু সুখৰ মাজত এক অপূৰ্ব সম্বন্ধ আছে৷ যোগ হৈছে এক বিজ্ঞান আৰু তাৰ বাবেই ই এটা সৰ্বব্যাপী সাৰ্বজনীনতা লাভ কৰিছে৷ নিৰোগী জীৱনৰ বাবে যোগক আঁকোৱালি ল’ব লাগিব৷ উঠি অহা চামক যোগৰ অভ্যাস কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অভিভাৱকসকলৰ প্ৰতি আহ্বান জনায়৷ নিৰোগী অসমৰ বাবে যোগ অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ 
এই যোগ দিৱসত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ উপৰি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী বিমল বড়া, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱা, পৰ্যটন বিভাগৰ চেয়াৰমেন ঋতুপৰ্ণ বৰুৱা, অসম চৰকাৰৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ পৰিচালন সঞ্চালিকা ড॰ এম এছ লক্ষ্মীপ্ৰিয়া, উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here