গৰ্ভাৱস্থাত দেহত ৰ’দ লগালে পায় আচৰিত গুণ

0
283

মাতৃৰ জৰায়ুত গৰ্ভস্থ সন্তানৰ বাবে ভিটামিন-ডি অত্যন্ত লাগতিয়াল৷ শিশুৰ জন্মৰ আগৰ পৰা শিশুটিৰ যি বৃদ্ধি আৰু বিকাশ হৈ থাকে, তাৰ লগত ভিটামিন-ডিৰ আচৰিত সম্বন্ধ আছে৷ গৱেষণাত প্ৰকাশ পোৱা মতে গৰ্ভৱতী মাতৃৰ দেহত ভিটামিন-ডিৰ অভাৱ হ’লে গৰ্ভজাত সন্তানটোৰ সঠিক বৃদ্ধি আৰু বিকাশত সঠিককৈ নহয়৷ মানৱ দেহত ভিটামিন-ডিৰ প্ৰয়োজন কিমান, তাৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ চিকিৎসা বিজ্ঞানৰ এক গৱেষণাত প্ৰকাশ পাইছে যে মাতৃৰ দেহৰ থকা ভিটামিন-ডি পৰিমাণৰ ওপৰত নিৰ্ধাৰণ হয় ভৱিষ্যতৰ সন্তানটোৰ বৃদ্ধিমত্তা কেনে হ’ব৷ সাধাৰণতে জনা যায় যে সূৰ্যৰ পোহৰ হৈছে ভিটামিন-ডিৰ ভাল উৎস৷ ইয়াৰ উপৰি কণাৰ হালধীয়া অংশ, সাগৰীয় মাছ, কড লিভাৰ, কমলা,মাছৰ কণী আদিত ভিটামিন-ডি পোৱা যায়৷ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল অব নিউট্ৰিশ্যন নামৰ পত্ৰিকাখনত প্ৰকাশিত এক তথ্য অনুসৰি বহুসময়ত গৰ্ভৱতী মহিলাগৰাকীৰ দেহত ভিটামিন-ডিৰ অভাৱ উপলব্ধ হয়৷ তদুপৰি বগা চেহেৰাৰ মহিলাসকলকৈ ক’লা বৰণৰ গৰ্ভৱতী মহিলাৰ দেহত ভিটামিন-ডিৰ অভাৱ বেছিকৈ হোৱা পৰিলক্ষিত হয়৷ ক’লা বৰণৰ ছালৰ গৰাকীৰ দেহত মেলালিন পিগমেণ্টসমূহে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি ভালকৈ প্ৰতিহত কৰিব পাৰে যদিও ভিটামিন-ডি যথেষ্ট পৰিমাণে শোষণ কৰিবলৈ ব্যৰ্থ হয়৷ সেয়েহে বগা বৰণৰ লোকতকৈ ক’লা বৰণৰ লোকসকলপ দেহত ভিটামিন-ডিৰ অভাৱ বেছিকৈ হোৱা দেখা যায়৷ এক তথ্য মতে প্ৰায় ৪৬ শতাংশ গৰ্ভৱতী মহিলাই ভিটামিন-ডিৰ অভাৱত ভুগিব পাৰে৷ যাৰ ফলত ভিটামিন-ডিৰ অভাৱত ভোগা মহিলাসকলে প্ৰসৱ কৰা শিশুটিৰ ভৱিষ্যতে আই কিউৰ লেভেল কম হয়৷ সেয়েহে গৰ্ভৱতী মহিলাক বেছিকৈ দেহত সূৰ্যৰ কুমলীয়া পোহৰ লগাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকসকলে৷ ইয়াৰ সমান্তৰালভাৱে গৰ্ভাৱস্থাত ভিটামিন-ডিযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here