উত্তৰ-পূৰ্বাঞ্চলত পোন-প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল থুলিয়াম ফাইবাৰ লেজাৰ সেৱা

0
1235

উত্তৰ-পূৰ্বাঞ্চলত পোন-প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল থুলিয়াম ফাইবাৰ লেজাৰ সেৱা। চেণ্টাৰ ফ’ৰ এডভান্সড ইউৰ’লজী এণ্ড কিডনী ডিজিজেজ (চমুকৈ এ ইউ কে ডি) নামৰ চিকিৎসা প্ৰতিস্থানটোত আৰম্ভ হ’ল এই সেৱা। উত্তৰ-পূৰ্বাঞ্চলত “মূত্ৰতন্ত্ৰৰ বিভিন্ন ৰোগত লেজাৰ চিকিৎসা পদ্ধতি প্ৰয়োগ”ৰ বাটকটীয়াস্বৰূপ বিশিষ্ট ইউৰ’লজিষ্ট ডাঃ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত আৰম্ভ হৈছে এই সেৱা। এ ইউ কে ডিৰ জনসংযোগ বিষয়াই নিউজ হেলথ্ প্লাছক জানিবলৈ দিয়া মতে ৰোগীৰ সুবিধা হোৱাকৈ ভিন্ন ৰোগত ব্যৱহাৰ কৰিব পৰাকৈ তিনিটাকৈ ভিন্ন লেজাৰ মেচিন থকা এ ইউ কে ডি হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু এই পৰ্যন্ত একমাত্ৰ প্ৰতিস্থান। ১৫০ ৱাটৰ থুলিয়াম লেজাৰ, ৩৫ ৱাটৰ হলমিয়াম লেজাৰ আৰু ৬০ ৱাটৰ থুলিয়াম ফাইবাৰ লেজাৰ থকা এ ইউ কে ডিত “লেজাৰমেন অৱ নৰ্থ-ইষ্ট” খ্যাত ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত মুত্ৰতন্ত্ৰ বিভাগৰ সকলো ধৰণৰ সমস্যা যেনে কিডনীৰ পাত্থৰ কিডনীৰ কেঞ্চাৰ প্ৰ’ষ্টেট গ্ৰন্থিৰ সমস্যা প্ৰস্ৰাৱৰ লগত ৰক্তক্ষৰণ হোৱা মহিলাৰ প্ৰস্ৰাৱৰ বিভিন্ন ধৰণৰ সমস্যা পুৰুষৰ যৌনাংগৰ সমস্যা শিশু সকলৰ প্ৰস্ৰাৱ কমকৈ হোৱা আদি সমস্যাসমূহৰ নিখুঁত চিকিৎসা প্ৰদান কৰা হয়।SHOW LESS

LEAVE A REPLY

Please enter your comment!
Please enter your name here