অচিৰেই ভাৰতলৈ মডাৰ্নাৰ ভেকচিন

0
2258

কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত ৯৪.৫ শতাংশ সফল হোৱা আমেৰিকাৰ কোম্পানী মডাৰ্নাৰ ভেকচিন এম আৰ এন এ ১২৭৩ অচিৰেই ভাৰতে লাভ কৰাৰ বাবে কোম্পানীটোৰ সৈতে ভাৰত চৰকাৰে যোগাযোগ কৰি আছে৷ উল্লেখ্য যে মডাৰ্নাৰ কৰ’নাৰ ভেকচিন তৃতীয় পৰ্যায়ৰ পৰীক্ষাত ৯৪.৫ শতাংশ সফল হৈছে৷ অৱশ্যে ভাৰতে ভেকচিন উৎপাদন কৰা আন আন কোম্পানীৰ সৈতেও যোগাযোগ ৰক্ষা কৰি আছে৷ ভাৰতে মডাৰ্নাৰ উপৰি ফাইজাৰ, ছিৰাম ইন্‌ষ্টিটিউট, জায়ডাছা, কেডিলাৰ দৰে কোম্পানীৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে৷ আনহাতে ভাৰত বায়’টেকে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ‘আই চি এম আৰ’ৰ সৈতে মিলি ভেকচিন প্ৰস্তুত কৰি আছে৷ ভাৰত বায়’টেকে প্ৰস্তুত কৰা ভেকচিন কভিক্সিনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে৷ এতিয়া ভাৰতৰ এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হৈছে৷ মডাৰ্না আৰু ফাইজাৰে চলিত বছৰত ক্ৰমে পাঁচ কোটি আৰু দুই কোটি ড’জ ভেকচিন বজাৰলৈ উলিয়াই দিব৷ এই ভেকচিন এজন ব্যক্তিক দুপালিকৈ দিয়া হ’ব৷ মডাৰ্নাৰ লক্ষ্য হ’ল ৫০-অৰ পৰা ১০০ কোটি ড’জ উৎপাদন কৰা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here