কৰ’নাত আক্ৰান্তক ষ্টেৰয়ড ব্যৱহাৰৰ পৰামৰ্শ বিজ্ঞানীৰ

0
2653

কৰ’না ভাইৰাছে কভিডত গুৰুতৰভাৱে আক্ৰান্ত হোৱা ৰোগীৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাত আটাইতকৈ বেছি প্ৰভাৱ পেলায়৷ সেয়েহে এনে ৰোগীক ডেক্সামেথাছনৰ দৰে ষ্টেৰয়ড ঔষধেৰে চিকিৎসা কৰি তেওঁঁলোকৰ জীৱন ৰক্ষা কৰিব পাৰি৷ বিজ্ঞানীসকলে কৰা অধ্যয়নৰ পৰা এই কথা জনা গৈছে৷ বিজ্ঞানীসকলৰ মতে, গুৰুতৰৰূপে আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে ডেক্সামেথাছনৰ দৰে ষ্টেৰয়ড ঔষধ আছুতীয়াকৈ ৰাখিব লাগে৷ বিজ্ঞানীসকলে উল্লেখ কৰা মতে, গুৰুতৰভাৱে সংক্ৰমণ হোৱা ৰোগীৰ চিকিৎসাত বিভিন্ন ধৰণৰ ষ্টেৰয়ড ব্যৱহাৰ কৰিব পাৰি৷ আমেৰিকাৰ বিজ্ঞানীসকলে কৰ’নাত আক্ৰান্ত ১৬৮জন আৰু ফ্লুত আক্ৰান্ত ২৬জন প্ৰাপ্তবয়স্ক লোক আৰু ১৬জন স্বাস্থ্যকৰ্মীক লৈ কৰা অধ্যয়নৰ পৰা এই কথা পোহৰলৈ আহিছে। তেওঁলোকৰ মতে, কৰ’নাত আক্ৰান্ত ৰোগীক ষ্টেৰয়ড ঔষধেৰে চিকিৎসা কৰিলে তেওঁলোকৰ মৃত্যুৰ আশংকা হ্ৰাস কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here