HIV-ত আক্ৰান্ত কাৰাবন্দীৰ বাবে ৰাজ্যত এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী প্ৰদান কেন্দ্ৰ মুকলি

0
336

ৰাজ্যৰ কাৰাগাৰসমূহত থকা এইচ আই ভি আক্ৰান্ত কাৰাবন্দীসকলৰ নিয়মীয়া চিকিৎসা গ্ৰহণ সুনিশ্চিত কৰিবলৈ বিশেষ উদ্যোগ লৈছে স্বাস্থ্য বিভাগে৷ ইয়াৰ অংশ হিচাপে অসমৰ ছখন কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভি আক্ৰান্ত কাৰাবন্দীৰ বাবে মুকলি কৰা হৈছে ‘এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী বিতৰণ কেন্দ্ৰ’৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী প্ৰদান কেন্দ্ৰকেইটা একেলগে শুভ উদ্বোধন কৰে৷ অসম ৰাজ্যিক এইড্‌ছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গুৱাহাটীৰ লগতে শিলচৰ, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ আৰু নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত এই কেন্দ্ৰকেইটা স্থাপন কৰা হৈছে৷ কেন্দ্ৰীয় কাৰাগাৰকেইখনত মুকলি কৰা এণ্টি-ৰেট্ৰ’ভাইৰেল কেন্দ্ৰৰ জৰিয়তে এইচ আই ভি সংক্ৰমিত তথা এইড্‌ছ আক্ৰান্ত কয়দীসকলক এইচ আই ভি প্ৰতিৰোধী ঔষধৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চিকিৎসা উপলব্ধ কৰা হ’ব৷ 
কেন্দ্ৰকেইটা উদ্বোধন কৰি স্বাস্থ্য মন্ত্ৰী মহন্তই কয় যে এইচ আই ভি-এইড্‌ছ আক্ৰান্তই সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰাকৈ ঔষধ বা চিকিৎসা এতিয়ালৈকে সম্ভৱ হোৱা নাই যদিও নিয়মীয়াকৈ এণ্টি-ৰেট্ৰ’ভাইৰেল থেৰাপী [এ আৰ টি] গ্ৰহণ কৰি আক্ৰান্তৰ শৰীৰত এই মাৰাত্মক বীজাণুৰ সংখ্যা বৃদ্ধি পোৱাটো যথেষ্ট নিয়ন্ত্ৰণত ৰাখিব পৰা যায়৷ নিয়মীয়াকৈ এ আৰ টি গ্ৰহণৰ জৰিয়তে আক্ৰান্তৰ শৰীৰত এই বীজাণুৰ সংখ্যা [ভাইৰেল লোড] এটা নূ্যনতম পৰ্যায়লৈ কমাই আনি ইয়াৰ পুনৰ বৃদ্ধি নোহোৱাকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰিলে এইচ আই ভি-এইড্‌ছ আক্ৰান্ত লোকে প্ৰায় সুস্থ ৰূপত দীৰ্ঘজীৱন লাভৰ সুযোগ পোৱাৰ লগতে তেওঁৰ পৰা নতুনকৈ আন লোকলৈ এই বীজাণু সংক্ৰমণৰ সম্ভাৱনাও প্ৰায় নোহোৱা হয় বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ ৰাজ্যৰ এইচ আই ভি আক্ৰান্ত কাৰাবন্দী ৰোগীক কাৰাগাৰতে চিকিৎসা নিয়মীয়াকৈ প্ৰদান কৰিব পৰাকৈ প্ৰথম পৰ্যায়ত কেন্দ্ৰীয় কাৰাগাৰসমূহত এ আৰ টি বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷ কাৰাবন্দীৰ বাবে কাৰাগাৰতে এ আৰ টি বিতৰণ কেন্দ্ৰৰ ব্যৱস্থা থকা অসম দেশৰ ভিতৰত পঞ্চমখন ৰাজ্য বুলিও তেওঁ প্ৰকাশ কৰে৷ উল্লেখ্য যে চলিত বৰ্ষৰ আগষ্টলৈকে ৰাজ্যৰ কাৰাগাৰসমূহত চিনাক্ত হোৱা ২০০গৰাকী এইচ আই ভি আক্ৰান্ত কাৰাবন্দীৰ নাম এ আৰ টি কেন্দ্ৰসমূহত পঞ্জীয়ন কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here