BCPL-ৰ AMCH-লৈ ৫০টা অক্সিজেন চিলিণ্ডাৰ

0
257

প্ৰতিষ্ঠাৰ ৭৫ বছৰ সগৌৰৱেৰে পূৰ্ণ কৰা অসম চিকিৎসা মহাবিদ্যালয়ে মহাৰজত জয়ন্তী উদ্‌যাপনৰ প্ৰাক্‌ক্ষণত পেট্ৰ ৰাসায়নিক ৰাষ্ট্ৰীয় প্ৰকল্প ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে [বি চি পি এল] সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত চিকিৎসা মহাবিদ্যালয়খনলৈ ৫০টা ‘বি’ টাইপ অক্সিজেন চিলিণ্ডাৰ আগবঢ়ায়৷ এ এম চিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতী, ভেষজ বিভাগৰ উপাধ্যক্ষ ডাঃ জীৱন গগৈ, উপ-অধীক্ষকদ্বয় ক্ৰমে এ কে বৰা আৰু এছ কে ভাগৱতীৰ উপস্থিতিত বি চি পি এলৰ হৈ মহাপ্ৰবন্ধক [বাণিজ্য] তথা চি এছ আৰৰ নডেল বিষয়া অলক বৰুৱা, মুখ্য প্ৰবন্ধক [মানৱ সম্পদ] জয়ন্ত কুমাৰ বৰুৱা, জ্যেষ্ঠ প্ৰবন্ধক [বিত্ত আৰু গণনা] দিলদাৰ নেওগে এই চিলিণ্ডাৰসমূহ এ এম চি কতৃৰ্পক্ষলৈ আগবঢ়ায়৷ উল্লেখযোগ্য যে বি চি পি এলে ইয়াৰ পূৰ্বেও চি এছ আৰ আঁচনিৰ অধীনত প্ৰায় ডেৰ কোটি টকাৰ অৰ্থ সাহায্য এ এম চিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়াইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here