উত্তৰ-পূৰ্বাঞ্চলত গডৰেজৰ পাম অইল উৎপাদনৰ লক্ষ্য

0
195

গডৰেজ এগ্ৰ’ভেটে উত্তৰ-পূৰ্বাঞ্চলত পাম অইল উৎপাদনৰ বাবে মন মেলিছে৷ সেই অনুসৰি এক দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰো কৰিছে কোম্পানীটোৱে৷ জানিব পৰা মতে নেশ্যনেল মিছন অন এডিবল-অইল-অইল পাম আঁচনিৰ অধীনত উত্তৰ-পূবৰ ৰাজ্য অসম, মণিপুৰ আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰে৷ এই চুক্তিত স্বাক্ষৰ কৰাৰ পাছত গডৰেজ কোম্পানীক পাম অইল উৎপাদন কৰিবৰ বাবে ভূমিৰ আবণ্টন দিয়া হ’ব৷ 
এই চুক্তি সন্দৰ্ভত কোম্পানীৰ পৰিচালন সঞ্চালক বলোৰাম সিং যাদৱে কয় যে গডৰেড এগ্ৰ’ভেটে বিশ বছৰতকৈও অধিক কাল পাম অইলৰ সৈতে জড়িত হৈ আছে৷ তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলত উৎপাদনকাৰীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে নতুন পৰিকল্পনা গ্ৰহণ কৰিব৷ উল্লেখ্য যে উক্ত কোম্পানীটোৱে সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত ৬৫ হাজাৰ হেক্টৰ ভূমিত পাম অইল উৎপাদন কৰি আছে৷ পাম অইল উৎপাদনৰ যথেষ্ট সম্ভাৱনা থকা উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যসমূহৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত  অভূতপূৰ্ব অিৰহণা যোগাব বুলি আশা ব্যক্ত কৰিছে প্ৰতিষ্ঠানটোৱে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here