ৰাতি সোনকালে শোৱা উচিতনে ? Is sleeping early at night good for health ?

0
527
বেঞ্জামিন ফ্ৰেংকলিনৰ এষাৰ কথাই আছে– Early to bed, early to rise, makes a man healthy, wealthy, and wise ৷ অৰ্থাৎ ৰাতি সোনকালে শোৱা আৰু পুৱা সোনকালে শোৱাপাটী এৰা কাৰ্যই মানুহক স্বাস্থ্যৱান, ধনৱান আৰু বুদ্ধিমান কৰি তোলে৷ এই কথাষাৰ একেবাৰে নুই কৰিব নোৱাৰি৷ কিন্তু আজিকালি মানুহৰ ক্ষেত্ৰত তাৰ ওলোটাতোহে দেখিবলৈ পোৱা পৰিলক্ষিত হয়৷ ৰাতি দেৰিকৈ ভোজন কৰা আৰু দেৰিকৈ শুবলৈ যোৱাটো মানুহৰ অভ্যাসত পৰিণত হৈছে৷ সেয়েহে আজি আমি আপোনালোকক ৰাতি সোনকালে শুলে কেনেধৰণৰ লাভ হয় জনাবলৈ লৈছোঁ৷

(১) ৰাতি সোনকালে শোৱা কাৰ্যই আমাৰ দেহৰ ইমিউনিটি বৃদ্ধি কৰি শৰীৰটোক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে৷


(২) স্মৃতিশক্তি বৃদ্ধি, মস্তিষ্কৰ কোষৰ বিকাশ, চিন্তাশক্তি বৃদ্ধি, কামৰ প্ৰতি একাগ্ৰতা বৃদ্ধিত সহায় কৰে ৰাতি সোনকালে শোৱা কাৰ্যই৷

Passion, Joy & Excellence in the Workplace - CCCC News & Blogs


(৩) ৰাতি সোনকালে শোৱা কাৰ্যই দুৰ্ঘটনা ৰোধ কৰিব পাৰে৷ কিয়নো, গৱেষণা কৰি পোৱা গৈছে যে টোপনি কম হ’লে আমাৰ মগজুটোৱে সঠিক সিদ্ধান্ত তথা সতৰ্কতা অৱলম্বনত বাধাগ্ৰস্ত হয়৷


(8) ৰাতি সোনকালে শোৱা কাৰ্যই মন-মগজু শান্ত কৰি ৰাখে৷ ফলত খং-ৰাগ, দুশ্চিন্তা, মানসিক অৱসাদ আদি দূৰ কৰি মনটোক আনন্দ প্ৰদান কৰে৷

4 Things To Incorporate In Your Morning Routine To Wake Up Happier - Masala


(৫) ৰাতি সোনকালে শোৱাৰ ফলত পুৱা আমাৰ শৰীৰটোৱে অধিক সতেজ আৰু সক্ৰিয় অনুভৱ কৰে৷ ফলত কাম কৰিবলৈ অধিক শক্তি পোৱা যায়৷


(৬) হাৰ্টৰ সমস্যা, ৰক্তচাপ, টাইপ-২ ডায়েবেটিছ, ওজন বৃদ্ধিৰ সমস্যাও নিৰ্মূল হয়, যদি আপুনি ৰাতি সোনকালে টোপনি যায়৷


(৭) ৰাতি সোনকালে টোপনি যোৱাৰ ফলত ছালত নতুন কলাজেন উৎপন্ন হয়, যিয়ে বয়সৰ চাপ পৰাৰ সমস্যা ৰোধ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here