ভজা-পোৰা খোৱাৰ পাছত কি খালে কলেষ্টৰেল নাবাঢ়ে ? How to avoid cholesterol after eating spicy food?

0
728
আমি প্ৰায় সকলোৱে ভজা-পোৰা খাদ্য পচন্দ কৰোঁ৷ প্ৰায়ভাগৰে ভাতৰ পাতত বহি মৰমৰিয়া ভজা এখন নহ’লে যেন খোৱা আধৰুৱা হয়৷ ফ্ৰেন্স ফ্ৰাই খাই সকলোৱে ভাল পায়৷ কিন্তু এনেধৰণৰ অধিক ভজা-পোৰা খাদ্য পেটত পৰিল কি নাই, আৰম্ভ হয় পেটৰ সমস্যা৷ এইদৰে হোৱা শৰীৰৰ অস্বস্তি কিছু সময় পাছত কমি যায় যদিও অতিৰিক্ত কলেষ্টৰেল,ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগৰ কাৰণ হ’ব পাৰে৷ সেয়েহে এনেধৰণৰ ভজা খাদ্য পৰাপক্ষত নোখোৱাই ভাল৷ আৰু যদি খায়ো, তেনেহ’লে কিছু নিয়ম মানি চলিলে উপকাৰ পোৱা যায়৷

(১) ভজা-পোৰা খোৱাৰ বাবে পেটভৰ্তি হ’লে ৩০-৪০ মিনিটমান পাছত গৰম পানী সেৱন কৰক৷ গৰম পানী খালে সোনকালে খাদ্য হজম হয় আৰু কিছুসময় পাছত পেট পাতল লাগিব৷


(২) ভজা-পোৰা খাদ্য খোৱাৰ পাছত ডিটক্স ৱাটাৰ সেৱন কৰক৷ এই ডিটক্স ৱাটাৰ হৈছে নেমুৰ ৰস৷ নেমুৰ ৰস খালে শৰীৰত জমা হোৱা দূষিত পদাৰ্থ বাহিৰ হয়৷

Top Spicy Dishes To Try Around The World - CEOWORLD magazine


(৩) অত্যধিক পৰিমাণৰ খাদ্য খোৱাৰ পাছত খোজ কঢ়াটো অত্যন্ত জৰুৰী৷ খোজ কাঢ়িলে খাদ্য হজম হোৱাত সহায় কৰে৷


(৪) যিকোনো ভজা-পোৰা খাদ্য খোৱাৰ পাছতে আপুনি দৈ খাবলৈ নাপাহৰিব৷ দৈয়ে পেটৰ সকলো সমস্যা নিৰ্মূল কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here