ৰঙা গ্ৰহত নাছাৰ মানৱ আৱৰ্জনাৰ সন্ধান লাভ

0
269

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই মঙল গ্ৰহলৈ প্ৰেৰণ কৰা পাৰ্ছেভাৰেন্স ৰভাৰে এক চমৎকাৰী সফলতা লাভ কৰিছে৷ নাছাই প্ৰেৰণ কৰা ৰভাৰে মঙল গ্ৰহ জীৱৰ অস্তিত্বৰ সন্ধান চলাই কেইবাটাও তথ্য সংগ্ৰহ লাভ কৰিবলৈ সক্ষম হৈছে৷ পাৰ্ছেভাৰেন্স ৰভাৰখনে ৰঙা গ্ৰহটোত মানুহৰ বসতিস্থলৰ লেখীয়া শিলৰ দুৱাৰৰ সন্ধান লাভ কৰিছে৷ 
মঙল গ্ৰহত পৃষ্ঠভূমিত মানৱ আজৰ্ৱনাৰ সন্ধান লাভ কৰা বুলি নাছাৰ সূত্ৰই জানিবলৈ দিছে৷ এই সমগ্ৰ চাঞ্চল্যকৰ তথ্যই সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে৷ ৰভাৰে লাভ কৰা বস্তুখিনি এটুকুৰা টাৰ্মেল ব্লেংকেটৰ দৰে৷ নিখিনি মানৱ আৱৰ্জনা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য যে নাছাৰ পাৰ্ছেভাৰেন্স ৰভাৰে ২০২১ চনত মঙল গ্ৰহত অৱতৰণ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here