হেবিটেট্‌ছ ট্ৰাষ্টৰ দেশৰ জৈৱ-বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ প্ৰয়াস

0
961

ভাৰতৰ প্ৰাকৃতিক বাসস্থান আৰু থলুৱা প্ৰজাতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত কাম কৰা এক অ-লাভজনক সংগঠন হেবিটেট্‌ছ ট্ৰাষ্টে ভাৰতৰ বিপদাপন্ন বন্যপ্ৰাণী আৰু প্ৰাকৃতিক বাসস্থানৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশত প্ৰাথমিক কাম কৰা সংগঠন আৰু ব্যক্তিসকলক আৰ্থিকভাৱে সহায় কৰিবলৈ আৱেদন আহ্বান কৰিছে৷ হেবিটেটছ ট্ৰাষ্টে ভাৰতৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ লক্ষ্যৰে মুঠ ৩.২০ কোটি টকা পুৰস্কাৰৰ সৈতে তিনিটা শ্ৰেণীত প্ৰদান কৰিব৷ অনুদানৰ বাবে https://www.thehabitatstrust.org/ পৰ্টেলত ৫ আগষ্ট, ২০২২-লৈ আৱেদন প্ৰ-পত্ৰবোৰ অনলাইনত পূৰণ কৰিব পাৰিব৷ হেবিটেট্‌ছ ট্ৰাষ্টৰ মুৰব্বী ৰুশিকেশ চৱনে কয় যে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ হৈ পৰিছে, কিয়নো মানৱ জাতিয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহবানবোৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতে এক অভূতপূৰ্ব সংকটৰ সন্মুখীন হৈছে৷ বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰৰ ২০২১ চনৰ এক প্ৰতিবেদন অনুসৰি আমাৰ দেশে ইয়াৰ চাৰিটা জৈৱ-বৈচিত্ৰ্যৰ হটস্পটৰ অধীনত ৯০ শতাংশতকৈও অধিক এলেকা হেৰুৱাইছে আৰু ইয়াৰ পৰা ২৫টা প্ৰজাতি ইতিমধ্যে বিলুপ্ত হৈছে৷ হেবিটেট্‌ছ ট্ৰাষ্টৰ অনুদান হৈছে আমাৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সুৰক্ষিত আৰু পুনৰুদ্ধাৰ কৰিবলৈ উৎসাহী সংৰক্ষণবিদসকলৰ দ্বাৰা কৰা প্ৰচেষ্টাক সহায় কৰাৰ এক প্ৰয়াস৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here