হস্তমৈথুন [Masturbation] উপকাৰীনে ?

0
48

মানুহে যৌনতৃপ্তিৰ কাৰণে হস্তমৈথুন কৰে৷ বেছিভাগ প্ৰাপ্তবয়স্ক লোকে তেওঁলোকৰ সংগীৰ অভাৱত বা নিজৰ যৌনক্ষুধা নিবাৰণৰ কাৰণে হস্তমৈথুন কৰে৷ বৰ্তমান সময়ত হস্তমৈথুনৰ বিষয়ে আৰু জনপ্ৰিয় হৈ উঠিছে৷ কাৰণ আজিৰ যুৱ সমাজে এই বিষয় লৈ মুকলিকৈ বা খোলামেলাভাৱে আলোচনা কৰে তথা নিজৰ মাজতেই এই আলোচনাই বেছি স্বাচ্ছন্দ্য বোধ কৰা হয়৷ সমাজৰ বান্ধোন, সামাজিক নীতিৰ বাবে আগৰ দিনত এই গুপুত অভ্যাস পাপ হিচাপে গণ্য কৰা হৈছিল৷ কিয়নো মানুহ  নিজৰ যৌনতৃপ্তিৰ বিষয়ে অজ্ঞ আছিল৷ ভয়, শংকাত ভুগিছিল৷ মহিলাসকলৰ ক্ষেত্ৰত আৰু অধিক ভয়-ভীত স্থান পাইছিল বাবে এই তৃপ্তি দমাই ৰাখিছিল৷ কাৰণ প্ৰচলিত ধাৰণা আছিল যে হস্তমৈথুনে তেওঁলোকৰ কুমাৰীত্ব ধবংস কৰিব আৰু তেওঁলোকে অপৱিত্ৰ হৈ পৰিব৷ ইয়াৰ বাবে তেওঁলোকে  ভাল এজন জীৱনসংগী লাভ কৰাৰ ক্ষেত্ৰত বঞ্চিত হ’ব৷ কিন্তু মানুহৰ সময়ৰ লগে লগে এই বিষয়ে অধিক জ্ঞান বৃদ্ধি হৈছে৷ মানুহ অধিক সচেতন হৈ পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত ধৰ্মৰ বান্ধোন, সমাজৰ ভয় আদি  পুৰণি প্ৰথাবোৰ যুৱচামে বয়কট কৰিছে আৰু যৌন সম্পৰ্কিত বিভিন্ন জ্ঞান অৰ্জন কৰিছে৷ হস্তমৈথুনৰ জ্ঞান লাভৰ বাবেও যুৱ প্ৰজন্ম আগ্ৰহী হৈছে আৰু ইয়াৰ উপকাৰিতা তথা অপকাৰিতা সম্পৰ্কে জানিবলৈ ইচ্ছুক হৈছে৷ ইয়াৰ আলম লৈয়ে হস্তমৈথুনৰ উপকাৰিতা সম্পৰ্কে আজিৰ এই আলোচনা৷ হস্তমৈথুন কৰাৰ ফলত শৰীৰৰ তেজৰ চলাচল সক্ৰিয় হৈ উঠে তথা এণ্ডোৰফিন নিঃসৰণ কৰে, যিয়ে মস্তিষ্কৰ কাৰণে এটা তৃপ্তি বৃদ্ধিকাৰী ৰাসায়নিক৷
হস্তমৈথুন এটা আৱেগজাত পীড়ন৷ মনৰ বিষণ্ণতা তথা উদ্বেগ কমোৱাত হস্তমৈথুনে সহায় কৰে৷
হস্তমৈথুন কৰাৰ ফলত নিজৰ শৰীৰৰ প্ৰতি আত্মবিশ্বাস বঢ়াই তোলে৷
হস্তমৈথুনে আপোনাৰ বাসনাক অন্বেষণ কৰাত সহায় কৰে৷ ইয়াৰ লগতে সংগীহীনভাৱে আপুনি যৌনতৃপ্তি লাভ কৰিব পাৰে৷
আপুনি নিজৰ শৰীৰটোক লৈ পৰীক্ষা কৰিব পাৰে, আপোনাৰ শৰীৰটো অৰগ্যাজমৰ কাৰণে প্ৰস্তুত হয়নে জানিব পাৰে৷ ইয়াৰ ফলত আপুনি নিজৰ শৰীৰটোক ভালদৰে অধ্যয়ন কৰিব পাৰে৷
ভাল টোপনি অহাত হস্তমৈথুনে সহায় কৰে৷ হস্তমৈথুনে অনিদ্ৰা দূৰ কৰিব পাৰে৷
আপুনি আপোনাৰ শৰীৰ সম্পৰ্কে আত্মবিশ্বাসী হোৱাৰ কাৰণে আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক ভাল কৰাত সহায় কৰে৷
হস্তমৈথুনে বিভিন্ন যৌন ৰোগৰ সম্ভাৱনা কমাই ৰাখে৷
মনত ৰখা উচিত যে এটা নিৰ্দিষ্ট পৰিমাণ বা সীমাৰ ভিতৰতে হস্তমৈথুন কৰাৰ প্ৰয়োজন, অন্যথা ই যৌন ৰোগলৈ পৰিৱৰ্তিত হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here