মহিলাসকলে ৰক্তহীনতাত ভোগাৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায়

0
42


শৰীৰত আইৰনৰ অভাৱ বা নাটনি হ’লে তেজত হিমগ্লবিনৰ পৰিমাণ কমি যায়৷ যাৰ ফলত এনিমিয়াৰ দৰে সমস্যাই দেখা দিব পাৰে৷ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা, শৰীৰৰ দুৰ্বলতা, ছালৰ বিভিন্ন সমস্যা আদি এনিমিয়াৰ অন্যতম লক্ষণ৷ এনে অৱস্থাত কিছুমান খাদ্যৰ জৰিয়তে শৰীৰত আইৰনৰ অভাৱ পূৰ কৰিলে সুফল পাব পাৰে৷ সাধাৰণতে মহিলাসকলৰ মাজত ৰক্তহীনতা বা ৰক্তাল্পতাৰ সমস্যা অধিক দেখা যায় আৰু এইটো ডাঙৰ সমস্যা৷ তথ্য মতে দেশৰ ৬০ শতাংশৰো অধিক মহিলাই এই ৰক্তহীনতাৰ চিকাৰ হয়৷ মূলতঃ দেহত আইৰনৰ অভাৱ হ’লেই ৰক্তাল্পতাৰ সমস্যাই গা কৰি উঠে৷ বিশেষজ্ঞৰ মতে ঋতুস্ৰাৱ, সন্তান জন্ম দিয়াৰ সময়ত ৰক্তপাত, নিয়ন্ত্ৰিত ডায়েট তথা অতিৰিক্ত পেকেটজাত খাদ্য খোৱা মহিলাসকলৰ শৰীৰত আইৰনৰ নাটনি হোৱাৰ অন্যতম কাৰণ হ’ব পাৰে৷
দৈনিক খাদ্য তালিকাত থকা কিছুমান খাদ্যৰ দ্বাৰাই শৰীৰত আইৰনৰ অভাৱ পূৰ হ’ব পাৰে৷ প্ৰতিদিনে খাদ্য তালিকাত পালেং শাক, ব্ৰকলি, কোমোৰা, বিট, গাজৰ আদি অন্তৰ্ভুক্ত কৰিলে আইৰনৰ অভাৱ দূৰ হ’ব৷
সকলো ধৰণৰ দাইলত প্ৰচুৰ পৰিমাণে আইৰন পোৱা যায়৷ সেয়ে প্ৰতিদিনে খাদ্যত যিকোনো এবিধ দাইল ৰাখক৷ ইয়াৰ উপৰি অংকুৰিত বীজ, বিন, ৰাজমা তথা ছয়াবিনত প্ৰচুৰ পৰিমাণে আইৰন থাকে, যি খাদ্যই ৰক্তাল্পতাৰ দূৰ কৰাত সহায় কৰে৷
ছলমন, ম্যেকেৰলৰ দৰে সামুদ্ৰিক মাছ তথা কণীত যথেষ্ট পৰিমাণে আইৰন পোৱা যায়৷ এইধৰণৰ মাছ বা কণী খোৱাৰ ফলত আইৰনৰ পৰিমাণ বাঢ়ি ৰক্তহীনতাৰ সমস্যাৰ পৰা সকাহ দিয়ে৷
আইৰনেৰে সমৃদ্ধ কল, বাদাম, বেদনা আদি নিয়মীয়াভাৱে খোৱাৰ ফলত শৰীৰৰ আইৰনৰ অভাৱ পূৰ হৈ তেজৰ পৰিমাণ বৃদ্ধি কৰে৷
কাজু, আলমণ্ড, খেজুৰ, কিচমিচ আদিত প্ৰচুৰ পৰিমাণে আইৰন থাকে, যিয়ে শৰীৰ তেজৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে৷ ইয়াৰ ফলত এনিমিয়াৰ দৰে সমস্যাৰ পৰা সকাহ দিব পাৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here