স্মৃতিশক্তি ধৰি ৰাখিবলৈএইবোৰ অভ্যাস কৰক

0
133

শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ মন আৰু মগজু দুয়োটাই সুস্থ ৰখাটো অতিকে প্ৰয়োজন৷ চিন্তা কৰাৰ ক্ষমতা, নিত্য-নৈমিত্তিক কাৰ্যপ্ৰণালী আদি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মগজু বা মস্তিষ্ক শান্ত-সুস্থ হৈ থকাটো জৰুৰী৷ আনহাতে মনটো প্ৰফুল্লিত কৰি ৰাখিলেহে শৰীৰ নিৰোগী হৈ থাকিব৷ কথাতে আছে যে এটা সুস্থ মনতহে এটা সুস্থ দেহে বাস কৰে৷ সেয়েহে মন অথবা মস্তিষ্ক ঠিকমতে ৰক্ষণাবেক্ষণ যদি কৰা নহয়, তেনেহ’লে ইয়াৰ সস্পূৰ্ণ বেয়া প্ৰভাৱ স্বাস্থ্যৰ ওপৰত পৰে৷ শৰীৰ নিৰোগী কৰি লগতে মন আৰু মগজু সুস্থ-সবল কৰি ৰাখিবলৈ আপুনি এইবোৰ কাম দৈনন্দিন কৰিব পাৰে৷ যিয়ে আপোনাৰ মস্তিষ্ক সুস্থ আৰু তৰুণ আৰু ফিট কৰি ৰাখিবলৈ সমৰ্থ হ’ব৷ আপোনাৰ মস্তিষ্কৰ বাবে এটা ব্যায়াম কৰিব পাৰে৷ ইয়াৰ বাবে আপুনি নতুন কিছু কথা শিকিব পাৰে৷ আপুনি নতুন কথা বা তথ্যৰ সমল অনুসৰণ কৰিব পাৰে৷ এটা নতুন ভাষা শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিব পাৰে৷ মগজুত চিন্তাৰ পৰিসৰ বৃদ্ধি হৈ সিৰা-উপসিৰাই ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিব৷ অৰ্থাৎ মগজুৰ ব্যায়ামৰ লেখীয়া হ’ব৷ যাৰ ফলত মগজুলৈ তেজ চলাচল উন্নত হ’ব৷ অৰ্থাৎ মস্তিষ্কৰ কাৰ্যক্ষমতা যথেষ্ট উন্নত হ’ব৷ ইয়াৰ সমান্তৰালভাৱে নতুন ভাষা জ্ঞানৰ কৃতকাৰ্যতাই মনটোও আনন্দ প্ৰকাশ কৰি প্ৰফুল্লিত ভাব জগাই তুলিব৷
গান শুনা কাৰ্যই আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট ভাল প্ৰভাৱ পেলায়৷ আমাৰ মস্তিষ্কৰ বিভিন্ন অংগত সক্ৰিয় কৰি তোলে গান শুনাৰ ফলত৷ গান শুনিলে আমাৰ উদ্বেগ-উদ্বিগ্নতা, মানসিক চিন্তা, স্ত্ৰেচ, মনৰ বেদনা বহুখিনি লাঘৱ কৰে৷ গান শুনিলে একে সময়তে মেজাজ, মানসিক সতৰ্কতা তথা স্মৃতিশক্তিও উন্নত কৰে৷ গৱেষণাত পোৱা মতে আপুনি যেতিয়া গান শুনে বা এনেধৰণৰ সংকেত কৰ্ণগোচৰ হয়, তেতিয়া মস্তিষ্কই ডোপামিন নামৰ উপাদান নিঃসৰণ কৰে, যিয়ে আপোনাৰ মস্তিষ্ক সুস্থ ৰখাত সহায় কৰে৷
আপোনাৰ মস্তিষ্কৰ ব্যায়ামৰ বাবে এবিধ উৎকৃষ্ট পন্থা হ’ল গেম খেলাটো৷ মস্তিষ্কৰ ব্যায়ামৰ বাবে কিছুমান গেমত নিজকে নিয়োজিত কৰিব পাৰে৷ ইয়াৰ বাহিৰেও ড্ৰয়িং কৰা, ছবি অঁকা, স্কেটছ অংকন কৰা আদি কাৰ্যত জড়িত কৰিলে মগজু সক্ৰিয় হৈ থাকে৷ অৰ্ছাৎ মগজুৰ প্ৰয়োজনীয় ব্যায়াম এইবোৰ মাধ্যমেৰেও কৰিব পাৰে৷ আকৌ সময়-সুবিধা অনুসৰি স্মৃতিশক্তি উন্নত কৰিবলৈ দবা, কেৰম আদি গেমত আত্মনিয়োজন কৰিব পাৰে৷ এইধৰণৰ খেলে মস্তিষ্কৰ কাৰ্য উন্নত কৰাৰ লগতে স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে৷
স্বাস্থ্যসন্মত খাদ্য আমাৰ শৰীৰৰ বাবে অত্যন্ত লাগতিয়াল৷ বিশেষকৈ মস্তিষ্কৰ বৃদ্ধি তথা বিকাশৰ বাবে কিছুমান খাদ্য আমাৰ খাদ্য তালিকাত ৰখাটো খুবেই প্ৰয়োজনীয়৷ ওমেগা৩ ফেটী এচিড, এণ্টিঅক্সিডেণ্ট, ফোলেট কোলিনৰ দৰে উপাদান সমৃদ্ধ খাদ্যই আমাৰ স্মৃতিশক্তি খৰতকীয়াভাৱে উন্নত কৰাত সহায় কৰে৷ পুষ্টিগুণসম্পন্ন খাদ্য গ্ৰহণ কৰাটো মস্তিষ্কৰ স্বাস্থ্য তথা বিকাশৰ বাবে অতি আৱশ্যক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here